হাফলং, 13 এপ্ৰিল :পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰাক লৈ ডিমা হাছাও জিলাত আকৌ বিতৰ্ক (Controversy over the panchayat raj system in Dima Hasao) । এইবাৰ পঞ্চায়তীৰাজ ব্যৱস্থা লৈ ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাৰ এক মন্তব্যক লৈ ডিমা হাছাও জিলাত পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে । ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনক লৈ কংগ্ৰেছসহ জিলাৰ বিভিন্ন ছাত্ৰ সংগঠন সামাজিক সংগঠন বিৰোধিতা কৰি আহিছে (Dima Hasao district congress criticized Power Minister Nandita Garlosa)।
উল্লেখ্য যে, যোৱা 11 মাৰ্চ মাইবাঙত আয়োজিত এক জনসভাত ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাই ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা লৈ এক মন্তব্য দিয়াৰ পিচতেই ডিমা হাছাও জিলা কংগ্ৰেছ আকৌ এবাৰ সৰৱ হৈ উঠা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে এই সন্দৰ্ভত হাফলং ৰাজীৱ ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছেৰ উপ-সভাপতি অৰিপম বড়োৱে এক সংবাদমেল সম্বোধন কৰে ৷
তেওঁ কয়, ‘‘যোৱা 2019 চনৰ 25 ছেপ্টেম্বৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত ক্ষমতাত থকা বিজেপি দলে ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে অনুমোদন জনাই আনন্দ কমিচনৰ ওচৰতে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল ৷ এই বিষয়টো ৰাজহুৱা হোৱাৰ পিচতে কংগ্ৰেছ দলে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বিষয়টো লৈ বিৰোধিতা কৰি জিলাৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ যাৰ বাবে কংগ্ৰেছ দলৰ লগতে বিভিন্ন ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনক লৈ প্ৰতিবাদ মুখৰ হৈ উঠিছিল । কিন্তু তেতিয়া সেয়া কংগ্ৰেছ দলৰ অপপ্ৰচাৰ বুলি এক বিবৃত্তিযোগে সদৰী কৰিছিল বিজেপিয়ে’’ ৷