ডিমা হাছাও, 19 নৱেম্বৰ:2021 ৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে ডিমা হাছাও জিলা বিজেপিৰ প্ৰস্তুতি ৷ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলা বিজেপিয়ে তিলোত্তমা হাচনুক ইতিমধ্যে নিৰ্বাচনৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়াৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সদস্য তথা বিজেপি নেতা ঈশ্বৰি প্ৰসাদ যইচিক সমন্বয়ক হিচাপে নিযুক্তি দিছে ৷
বৃহস্পতিবাৰে হাফলং পুথি ভঁৰাল প্ৰেক্ষাগৃহত ডিমা হাছাও জিলা বিজেপিৰ এখন সভাত জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী আৰু সমন্বয়কৰ নাম ঘোষণা কৰে ৷
বিজেপিৰ সকলো নেতা কৰ্মীক সাজু হোৱাৰ আহ্বান জনাই ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে কয় যে ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ কাৰণে প্ৰায় চাৰি মাহ সময় আছে ৷ সেয়ে ডিচেম্বৰ মাহলৈকে সাংগঠনিক কামত ব্যস্ত থাকি জানুৱাৰী মাহৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হব ৷