অসম

assam

ETV Bharat / state

সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি ডিমা হাছাওত জৰুৰী বৈঠক - ক'ভিড-19 ৰ দ্বিতীয় ৱেভ

ক'ভিড-19 প্ৰট'কল মানি নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে ডিমা হাছাওৰ জিলা উপায়ুক্তৰ জৰুৰী বৈঠক ৷ ক'ভিড-19 ৰ দ্বিতীয়টো ৱেভ প্ৰতিহত কৰাৰ উদ্দেশ্য এই বৈঠকৰ আহ্বান ৷ বৈঠকত ক'ভিড প্ৰট'কল মানি নিৰ্বাচন সম্পন্ন কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৷

dima hasao district administration meeting over the issue of completing election procedure amid covid 19
ক'ভিড-19 ৰ মাজত নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰাক লৈ ডিমা হাছাও প্ৰশাসনৰ বৈঠক

By

Published : Mar 22, 2021, 8:02 PM IST

ডিমা হাছাও,22 মাৰ্চ: ক'ভিড-19 ৰ দ্বিতীয় ৱেভ ইতিমধ্যে আৰম্ভ হৈছে আৰু সেয়ে এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত ক'ভিড-19 ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ অসমতো কিছু লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰাক লৈ এতিয়া চিন্তিত হৈ উঠিছে জিলা প্ৰশাসন ৷ ক'ভিড-19 ৰ দ্বিতীয়টো ৱেভ কিদৰে ৰোধ কৰিব পৰা যায় কিদৰে সুকলমে নিৰ্বাচন সম্পন্ন কৰিব পাৰি সেই লৈ সোমবাৰে ডিমা হাছাও জিলা প্ৰশাসনে এখন জৰুৰী বৈঠকৰ আহ্বান কৰে ৷

উল্লেখ্য যে, ক্ৰমে 27 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত তিনিটা পৰ্যায়ত ৰাজ্যৰ 126 টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰ মাজতেই ক'ভিড-19 ৰ দ্বিতীয়টো ৱেভ আৰম্ভ হৈছে ৷ সেয়ে ক'ভিড প্ৰট'কল তথা চৰকাৰী নিয়ম-নীতি মানি নিৰ্বাচন সম্পন্ন কৰাক লৈ ডিমা হাছাওৰ জিলা উপায়ুক্ত পল বৰুৱাই সোমবাৰে এক জৰুৰী বৈঠকৰ আহ্বান কৰে ৷

সাধাৰণ পৰ্যবেক্ষক ভি আৰ বিনোদ, ব্যয় পৰ্যবেক্ষক মঃ মানজাৰুল হাচান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ড৹ দীপালি বৰ্মন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল এই বৈঠকত উপস্থিত আছিল ৷ বৈঠকখনত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি নিৰ্বাচন সম্পন্ন কৰাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

জিলা উপায়ুক্ত গৰাকীয়ে কয় যে, 1 এপ্ৰিলত হাফলং সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু প্ৰথম পৰ্যায়ত 101 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোট কৰ্মীসকল 30 মাৰ্চত ৰাওনা হ'ব ৷ দ্বিতীয় পৰ্যায়ত 145 টা ভোটগ্ৰহণ কেন্দ্ৰৰ কৰ্মীসকল 31 মাৰ্চত কেন্দ্ৰলৈ ৰাওনা হ'ব ৷ জানিব পৰা মতে, এইবাৰ ইভিএম মেচিন আৰু ভোটৰ অন্যান্য সামগ্ৰী সংগ্ৰহৰ বাবে 18 টা কেন্দ্ৰ খোলা হ'ব আৰু সকলো কৰ্মীয়ে ক'ভিড-19 প্ৰট’কল মানি চলিব লাগিব ৷ বৈঠকখনত জিলা উপায়ুক্ত পল বৰুৱাই ক'ভিড-19 ৰ দ্বিতীয় ৱেভ ৰোধ কৰাৰ বাবে ক'ভিড পৰীক্ষা কেন্দ্ৰ স্থাপনৰ আহ্বান জনোৱাৰ লগতে আৰু অধিক ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ লগতে প্ৰতিষেধক যাতে বেয়া নহয়, তাৰ ওপৰত দৃষ্টি দিয়াৰ বাবে স্বাস্থ্য বিভাগক আহ্বান জনায় ৷

লগতে পঢ়ক:কৰিমগঞ্জত নতুনকৈ ধৰা পৰিছে এগৰাকী কৰ’ণা পজিটিভ ৰোগী

ABOUT THE AUTHOR

...view details