ডিমা হাছাও, ২২ মে': অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওতো অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । প্ৰতিদিনে জিলাখনত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । ইতিমধ্যে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৯৯ গৰাকী লৈ বৃদ্ধি হৈছে । জিলাখনৰ গাঁওসমূহতো আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে । শুকুৰবাৰে ডিমা হাছাওত নতুনকৈ ৭৮ গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । পাহাৰীয়া জিলাখনৰ গাঁওসমূহত কৰ'ণাৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি হোৱাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ চিন্তিত হৈছে ।
শুকুৰবাৰে ডিমা হাছাওত নতুনকৈ ক’ভিডত আক্ৰন্ত ৭৮ গৰাকী লোক - ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা
প্ৰতিদিনে পাহাৰীয়া জিলা ডিমা হাছাওতো ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । জিলাখনত আক্ৰন্তৰ সংখ্যা ৭৯৯ গৰাকী হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩১২ গৰাকী ৰোগী ।
ডিমা হাছাওত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ'ণা আক্ৰন্তৰ সংখ্যা
ইপিনে, পাহাৰীয়া জিলাখনত আক্ৰন্তৰ সংখ্যা ৭৯৯ গৰাকী হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩১২ গৰাকী ৰোগী । বৰ্তমানত জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা ৪৫৮ গৰাকী । ইয়াৰ মাজতে হোম আইছলেচনত ৰখা হৈছে ৩৯২ গৰাকী ৰোগীক আৰু ৬৮ বিচনাযুক্ত হাফলং অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডত ৫০ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । জিলাখনত ইতিমধ্যে ৫ গৰাকী ৰোগীৰ মৃত্যু হৈছে । আনহাতে হাফলং কাৰাগাৰ আদিকে ধৰি বিভিন্ন ঠাইত শুকুৰবাৰে ছেনিটাইজ কৰে হাফলং অগ্নি নিৰ্বাপক বাহিনীয়ে ।