ডিমা হাছাও, 14 মে’:ডিমা হাছাওত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । পাহাৰীয়া জিলাখনৰ সদৰ চহৰ হাফলংত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ'ণা সংক্ৰমণৰ ঘটনা ৷ শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা হয়গৈ 23 গৰাকী ।
বৰ্তমানে জিলাখনত আক্ৰান্ত হৈ আছে 426গৰাকী লোক ৷ ইয়াৰে হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 41 গৰাকী ৰোগী আৰু হোম আইচলেশ্যনত ৰখা হৈছে 200 গৰাকী লোকক। ইয়াৰ মাজতে সুস্থ হৈ উঠিছে 179 গৰাকী আক্ৰান্তলোক ৷