ডিমা হাছাও, ৫ মে': সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাতো ভয়ংকৰ হৈছে ক'ভিড পৰিস্থিতি ৷ প্ৰত্যেক দিনে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে জিলাখনত । বৰ্তমানলৈ জিলাখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২১২ গৰাকীলৈ বৃদ্ধি পাইছে । হাফলং অসামৰিক চিকিৎসালয়ত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে ৬৮ খন বিছনা থকাৰ বিপৰীতে সম্প্ৰতি ৩৯ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে চিকিৎসালয়খনত ।
ডিমা হাছাওত দুই শতাধিকলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা
ডিমা হাছাও জিলাত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৰ্তমান পাহাৰীয়া জিলাখনত ২১২ গৰাকীলৈ বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা ৷
ডিমা হাছাওত দুই শতাধিকলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা
উল্লেখযোগ্য যে, ডিমা হাছাওত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ ২১২ গৰাকী ৰোগীৰ ইতিমধ্যে ৩৮ গৰাকী ৰোগী সুস্থ হৈ উঠিছে । আনহাতে, তিনিজন ৰোগীক উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । ইফালে, ১৩২ গৰাকী ৰোগীক হোম আইচলেচনত ৰখা হৈছে ।