ডিমা হাছাও, 24 জুন: ডিমা হাছাও জিলাত নতুনকৈ আৰু এগৰাকী ব্যক্তি ক’ভিড ৰোগত আক্রান্ত হৈছে বুধবাৰে ৷ ইয়াৰ ফলত জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 106 জনলৈ ৷ লোকজন কিছুদিন পূৰ্বে বহি ৰাজ্যৰ পৰা আহি হাফলং চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত আশ্ৰয় লৈ আছিল ৷ আক্ৰান্ত ব্যক্তি জনক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।
ডিমা হাছাওত আৰু এগৰাকী ব্যক্তিৰ দেহত COVID-19 - আক্ৰান্তৰ সংখ্যা বৃদ্ধি
ডিমা হাছাও জিলাত COVID-19 ৰোগত আক্ৰান্ত 106 গৰাকী ৰোগীৰ মাজত 57 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি গৈছে । আৰু 48 গৰাকী ৰোগীৰ চিকিৎসা অব্যাহত আছে ৷
![ডিমা হাছাওত আৰু এগৰাকী ব্যক্তিৰ দেহত COVID-19 ডিমা হাছাওত COVID-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7757936-29-7757936-1593023012670.jpg)
ডিমা হাছাওত COVID-19
জিলাখনত আক্ৰান্ত আটাইকেইগৰাকী লোক বহিঃ ৰাজ্যৰ পৰা অহা ৷ উল্লেখযোগ্য ডিমা হাছাও জিলাত COVID-19 ৰোগত আক্ৰান্ত 106 গৰাকী ৰোগীৰ মাজত 57 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি গৈছে । আৰু 48 গৰাকী ৰোগীৰ চিকিৎসা অব্যাহত আছে হাফলং অসামৰিক চিকিৎসালয়ৰ ক’ভিড ওৱাৰ্ডত।
লগতে পঢ়কঃখাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে মহানগৰীয়া জীৱন