অসম

assam

ETV Bharat / state

ডিমা হাছাওত কৰ’ণাত প্ৰাণ হেৰুৱালে চাৰিগৰাকীয়ে - মৃত্যু হোৱা ৰেগীৰ সংখ্যা চাৰিগৰাকীলৈ বৃদ্ধি

ডিমা হাছাও জিলাত ৬৪০ গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হোৱা ৰোগীৰ সংখ্যা চাৰিগৰাকীলৈ বৃদ্ধি ।

Covid
ডিমা হাছাওত চাৰিগৰাকীলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত মৃত্যু হোৱা লোকৰ সংখ্যা

By

Published : May 20, 2021, 5:54 PM IST

ডিমা হাছাও, ২৯ মে': প্ৰতি মূহুৰ্ততে বৃদ্ধি পাইছে কাল কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ আনকি ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও ৷ ডিমা হাছাও জিলাত পুনৰ এগৰাকী ক’ভিড ৰোগীৰ বৃহস্পতিবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷ ইয়াকে লৈ ক’ভিডত আক্ৰান্ত হৈ ডিমা হাছাওত মৃত্যু হৈছে মুঠ চাৰি গৰাকীৰ ।

ডিমা হাছাওত চাৰিগৰাকীলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত মৃত্যু হোৱা লোকৰ সংখ্যা

জানিব পৰা মতে, হাফলঙৰ বাসিন্দা কান্ত দাস নামৰ ব্যক্তি জন কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হয় ৷ তাৰ পিছতে ব্যক্তিগৰাকীক যোৱা ২ এপ্ৰিলত হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ হয় যদিও ৰোগী গৰাকীৰ অৱস্থা জটিল হৈ পৰাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসালয়ত প্ৰেৰণ কৰে ৷ কিন্তু কিছুদিন পূৰ্বে তেওঁৰ ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ অহাৰ দুদিন মান পিচতে কান্ত দাসৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটে । অৱশেষত বৃহস্পতিবাৰে পুৱা মৃত্যুক আঁকোৱালি লয় দাসে ।

ডিমা হাছাওত চাৰিগৰাকীলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত মৃত্যু হোৱা লোকৰ সংখ্যা

ইপিনে, বুধবাৰ দিনা ডিমা হাছাও জিলাত কৰ'ণাত ৮২ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । বৰ্তমান পাহাৰীয়া জিলাখনত ৬৪০ গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩০৩ গৰাকী ৰোগী সুস্থ হৈ উঠিছে । জিলাখনত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩১২ গৰাকী । ইয়াৰ মাজতে হাফলং অসামৰিক চিকিৎসালয়ত ৩৭ গৰাকী ৰোগীৰ চিকিৎসা চলি আছে আৰু হোম আইছ’লেচনত আছে ২৫৯ গৰাকী ৰোগী ।

ডিমা হাছাওত চাৰিগৰাকীলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত মৃত্যু হোৱা লোকৰ সংখ্যা

অন্যহাতে, বুধবাৰে হাফলং চহৰৰ পাৰ্শ্বৱৰ্তী উজনি চংপিজান গাঁৱত অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে যাৰ বাবে এই গাঁওখন কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । এই গাঁওখনত এতিয়াৰ পৰা যি কোনো ব্যক্তিৰ প্ৰৱেশ আৰু বাহিৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: জখলাবন্ধা আৰক্ষীৰ জালত চাৰি চোৰাং চিকাৰী

ABOUT THE AUTHOR

...view details