অসম

assam

ETV Bharat / state

ডিমা হাছাওত কোভিড 19 ৰোগীৰ সংখ্যা 313 জনলৈ বৃদ্ধি - ব্যক্তি কোভিড 19 ৰোগত আক্ৰান্ত

আনলক থ্ৰি আৰম্ভ হোৱাৰ 24 ঘণ্টাৰ ভিতৰত ডিমা হাছাও জিলাত 47 গৰাকী ব্যক্তি কোভিড 19 ৰোগত আক্ৰান্ত হৈছে ।

ডিমা হাছাও কোভিড 19 ৰোগীৰ সংখ্যা 313 জনলৈ বৃদ্ধি
ডিমা হাছাও কোভিড 19 ৰোগীৰ সংখ্যা 313 জনলৈ বৃদ্ধি

By

Published : Aug 19, 2020, 1:54 AM IST

ডিমা হাছাও, 18 আগষ্ট :ডিমা হাছাও জিলাত কোভিড 19 ৰোগীৰ সংখ্যা 313 জনলৈ বৃদ্ধি হৈছে । সোমবাৰৰ পৰা অসমত আনলক থ্ৰি আৰম্ভ হৈছে । ইয়াৰ মাজতে যোৱা 24 ঘণ্টাত ডিমা হাছাও জিলাত 47 গৰাকী ব্যক্তি কোভিড 19 ৰোগত আক্ৰান্ত হৈছে । ডিমা হাছাও জিলাৰ বিভিন্ন স্থানত ৰেপিড এন্টিজেন টেষ্টত 47 গৰাকী ব্যক্তিৰ দেহত কোভিড 19 ধৰা পৰিছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে । আনহাতে ডিমা হাছাও জিলাত কোভিড 19 ৰোগত আক্ৰান্ত 313 গৰাকী ৰোগীৰ মাজত ইতিমধ্যে 208 গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতি গৈছে । বৰ্তমানত হাফলং অসামৰিক চিকিৎসালয়ত 75 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে আৰু 30 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে জিলাৰ বাহিৰত ।

ডিমা হাছাও কোভিড 19 ৰোগীৰ সংখ্যা 313 জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details