অসম

assam

ETV Bharat / state

ডিমা হাছাওত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা 167 গৰাকীলৈ বৃদ্ধি - dima hasao covid-19

ডিমা হাছাও জিলাত ৰেপিড এন্টিজেন টেষ্টত এজন ট্ৰাকৰ হেণ্ডিমেন আৰু জয়শ্ৰী হোটেলৰ কোৱাৰেন্টাইন চেন্টাৰত থকা এগৰাকী মহিলা আৰু 8 বছৰীয়া শিশুৰ দেহত কোভিড-19 ৰ উপস্থিতি পোৱা গৈছে ৷

dima-hasao-covid-19-update-incrise-167-case
ডিমা হাছাওত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা 167 গৰাকীলৈ বৃদ্ধি

By

Published : Jul 30, 2020, 12:31 PM IST

ডিমা হাছাও,30 জুলাইঃ বৃহস্পতিবাৰে ডিমা হাছাও জিলাত পুনৰ তিনি গৰাকী কোভিড-19 ত আক্ৰান্ত হয় । ডিমা হাছাও আৰু কাছাৰ জিলাৰ সীমান্তত থকা ডিটেকচৰা চেকপোষ্টত ৰেপিড এন্টিজেন টেষ্টত এজন ট্ৰাকৰ হেণ্ডিমেনৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰে ।

ইপিনে বাহিৰৰ পৰা ডিমা হাছাও জিলালৈ আহি হাফলঙৰ জয়শ্ৰী হোটেলৰ কোৱাৰেন্টাইন চেন্টাৰত থকা এগৰাকী মহিলা আৰু 8 বছৰীয়া শিশুৰ দেহত কোভিড 19-ৰ উপস্থিতি ধৰা পৰে বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে। ইতিমধ্যে তিনি গৰাকী ৰোগীকে হাফলং অসামৰিক চিকিৎসালয়ৰ আইচলেচনত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে, ডিমা হাছাও জিলাত কোভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্য 167 গৰাকী লৈ বৃদ্ধি পালে ৷ ইয়াৰে 149 গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ ঘৰলৈ যাৱলৈ সক্ষম হৈছে ৷ বৰ্তমানে 18 গৰাকী ৰোগী হাফলং অসামৰিক চিকিৎসালয়ৰ আইচলেচন ৱাৰ্ডত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ ৩১ আগষ্টৰ পৰা বিধানসভাৰ চমু অধিবেশন

ABOUT THE AUTHOR

...view details