অসম

assam

ETV Bharat / state

ডিমা হাছাওত ক’ভিড আক্ৰান্তৰ সংখ্যা 176 লৈ বৃদ্ধি - উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

বৃহস্পতিবাৰে পুনৰ 9 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰে ৷ সম্প্ৰতি সকলো হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

dima-hasao-covid-19-positive-case-incrise-to-176
ডিমা হাছাওত ক’ভিড আক্ৰান্তৰ সংখ্যা 176 লৈ বৃদ্ধি

By

Published : Jul 31, 2020, 8:20 AM IST

ডিমা হাছাও,31 জুলাইঃ ডিমা হাছাও জিলাত বৃহস্পতিবাৰে পুনৰ 9 গৰাকী লোকৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰে। আক্ৰান্ত কেইগৰাকীৰ ভিতৰত দুজন সেনাবাহিনীৰ লোক বুলি জানিবলৈ দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য চেমুৱেল চাংছনে। ইপিনে আক্ৰান্ত বাকী কেইগৰাকী ডিমা হাছাও জিলাৰ সীমান্ত এলেকাৰ বিভিন্ন চেকপোষ্টত 7 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 পজিটিভ।

বৃহস্পতিবাৰে নতুনকৈ ক’ভিড-19 ৰোগত আক্ৰান্ত 9 গৰাকী ব্যক্তিকে হাফলং অসামৰিক চিকিৎসালয়ত আইচলেচন ৱাৰ্ডত ভৰ্তি কৰোৱা হয় । ইয়াকে লৈ ডিমা হাছাও জিলাত ক’ভিড-19 ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা 176 জনলৈ বৃদ্ধি পায় । উল্লেখযোগ্য যে, ডিমা হাছাও জিলাত ক‘ভিড-19 ৰোগত আক্ৰান্ত 176 গৰাকী ৰোগীৰ মাজত 149 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান 27 গৰাকী ৰোগীৰ দেহতহে ক’ভিড-19 সক্ৰিয় হৈ আছে আৰু তেওঁলোক হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়কঃ ভয়ংকৰ সংক্ৰমণ : ৰাজ্যত পুনৰ 2112 গৰাকীকৈ লোক ক’ভিড পজিটিভ

ABOUT THE AUTHOR

...view details