ডিমা হাচাও, 22 আগষ্ট :ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰণাৰ সংহাৰৰ অব্যাহত থকাৰ সমান্তৰালকৈ ডিমা হাছাও জিলাতো দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা । পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানত ৰেপিড এন্টিজেন টেষ্ট আৰম্ভ হোৱাৰ পিছতে অধিক পজিটিভ ৰোগী চিনাক্ত হৈছে । বৰ্তমানলৈকে মুঠ ৩৪২গৰাকী লোক কৰ'ণা মহামাৰীৰ কবলত পৰিছে । ইয়াৰে ৬৬গৰাকী ৰোগী হাফলং অসামৰিক চিকিৎসালয়ত আৰু ৪৫গৰাকী জিলাখনৰ আন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । এতিয়ালৈকে ২৩১গৰাকী লোক সুস্থ হৈ উঠিছে ।
ডিমা হাছাওত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩৪২জনলৈ বৃদ্ধি - DIMA HASAO COVID-19 CASE
ডিমা হাছাওত ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৪২জনলৈ বৃদ্ধি । হাফলং অসামৰিক চিকিৎসালয়ত ৬৬গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । আৰোগ্য হৈ উঠিছে ২৩১গৰাকী লোক ।

ডিমা হাছাওত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩৪২জনলৈ বৃদ্ধি
শেহতীয়াকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈ হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ প্ৰাক্তন ইএম । কোভিড-১৯ৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে জাৰি কৰা স্বাস্থ্য বিধিক আওকাণ কৰাৰ বাবেই ডিমা হাছাওত ক্ৰমাৎ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ।