ডিমা হাছাওত গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ কংগ্ৰেছৰ হাফলং, 23 ডিচেম্বৰ :ডিমা হাছাও জিলাত গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰে । শনিবাৰে বিয়লি হাফলং ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি সমৰজিৎ হাফলংবাৰে কয় যে ডিমা হাছাও জিলাত প্ৰশাসনযন্ত্ৰৰ লগতে মিলি বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে ।
সংবাদমেলত সমৰজিৎ হাফলংবাৰে কয় ‘‘বৃহস্পতিবাৰ নিশা হামৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দংথাৰ থাওচেন আৰু হাজাদিছা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপীনাথ চেংয়ুঙক অপহৰণ কৰা হয় । তাৰ পাছতে শুকুৰবাৰ পুৱা হাৰেংগাজাও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পপিল হোজাইক অপহৰণ কৰা হয় ৷’’
কংগ্ৰেছৰ 6 গৰাকী প্ৰাৰ্থীক বিজেপিৰ সদস্যসকলে ভয় ভাবুকি আৰু টকা দি মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে বাধ্য কৰে বুলি সদৰী কৰি সমৰজিৎ হাফলংবাৰে কয়, ‘‘বিজেপিৰ লগতে চৰকাৰ আৰু প্ৰশাসনযন্ত্ৰ মিলি ডিমা হাছাও জিলাত গণতন্ত্ৰক হত্যা কৰে ৷’’
সমৰজিৎ হাফলংবাৰে সংবাদমেলত কয়, ‘‘ইতিমধ্যে দংথাৰ থাওচেন, জয়থন লংমাইলাই, পপিল হোজাই, তাপচ থাওচেন, ধীৰাজ লাংথাচা আৰু ৰূপীনাথ চেংয়ুঙক কংগ্ৰেছ দলৰ পৰা লাইফ টাইমৰ বাবে বহিষ্কাৰ কৰা হৈছে ।’’ তেওঁ কয় যে এইবাৰ পৰিষদৰ 22 টা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীসকলোক ভয়-ভীতি প্ৰদৰ্শন কৰাৰ লগতে টকা দি বিজেপিয়ে ক্ৰয় কৰাৰ চেষ্টা চলাব ৷ ইয়াৰোপৰি তেওঁ কয়, ‘‘কংগ্ৰেছ দলে পাৰ্বত্য পৰিষদৰ 16 বা 17 খন সমষ্টিত জিকাৰ সম্ভাৱনা আছিল যাৰ বাবে বিজেপি দল শংকিত হৈ এতিয়া গণতন্ত্ৰক হত্যা কৰি নিৰ্বাচনত জিকিবলৈ চেষ্টা চলাইছে ।’’
ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে 101 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ পাছতে বৈধ বুলি ঘোষণা কৰে ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া সীমান্ত কুমাৰ দাসে । উক্ত 101 গৰাকী বৈধ প্ৰাৰ্থীৰ মাজৰ 8 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰি লোৱাৰ পাছতে এতিয়া 94 গৰাকী প্ৰাৰ্থীয়ে অহা 8 জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ।
মনোনয়ন প্ৰত্যাহাৰ কৰিছে পৰিষদৰ পূৱ মাইবাং সমষ্টিৰ পৰা দুগৰাকী প্ৰাৰ্থী, পশ্চিম মাইবাং সমষ্টিৰ পৰা এগৰাকী প্ৰাৰ্থী, হাজাদিছা সমষ্টিৰ পৰা এগৰাকী প্ৰাৰ্থী, দিয়ুংমুখ সমষ্টিৰ পৰা এগৰাকী প্ৰাৰ্থী, গুণজোং সমষ্টিৰ পৰা এগৰাকী প্ৰাৰ্থী, হাৰেংগাজাও সমষ্টিৰ পৰা এগৰাকী প্ৰাৰ্থীৰ লগতে হামৰি সমষ্টিৰ পৰা এগৰাকী প্ৰাৰ্থীয়ে ৷
লগতে পঢ়ক:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপিৰ 6 গৰাকী প্ৰাৰ্থীৰ