অসম

assam

ETV Bharat / state

Coal syndicate in Assam: কয়লা চিণ্ডিকেটক লৈ সৰৱ ডিমা হাছাও কংগ্ৰেছ - Congress press conference on coal syndicate

অসমত অব্যাহত আছে কয়লা চিণ্ডিকেট (Coal syndicate in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তত কয়লা চিণ্ডিকেটক লৈ প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ মাজতে ডিমা হাছাও কংগ্ৰেছে কয়লা চিণ্ডিকেটক লৈ সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দ্বাৰা সমগ্ৰ চিণ্ডিকেট সন্দৰ্ভত তদন্তৰ দাবী ।

Coal syndicate in Assam
কয়লা চিণ্ডিকেটক লৈ সৰৱ ডিমা হাছাও কংগ্ৰেছ

By

Published : Jan 25, 2022, 8:34 PM IST

ডিমা হাছাও,২৫ জানুৱাৰী :ৰাজ্যত অব্যাহত আছে কয়লা চিণ্ডিকেট (Coal syndicate in Assam)। আনহাতে কয়লা চিণ্ডিকেট বন্ধৰ দাবী বিভিন্ন সময়ত দল-সংগঠনসমূহে প্ৰতিবাদো অব্যাহত ৰাখিছে । ইয়াৰ মাজতে কয়লা চিণ্ডিকেটক লৈ পুনৰ সৰৱ বিৰোধী কংগ্ৰেছ । কয়লা চিণ্ডিকেট সন্দৰ্ভত হাফলং ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে ডিমা হাছাও কংগ্ৰেছে (Congress press conference on coal syndicate)।

ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাই সংবাদমেলত অসমৰ অন্যতম পাহাৰীয়া জিলাখনত ব্যাপক কয়লা চিণ্ডিকেট চলি থকাৰ অভিযোগ তোলে । কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচুত আছে এক কয়লা খনি । কিন্তু এই কয়লা খনিৰ পৰা সৰবৰাহ হোৱাৰ কয়লাৰ ব্যাপক চিণ্ডিকেটৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে কয়লাৰ পৰা ৰাজহ পোৱাত বঞ্চিত হৈছে ।

কয়লা চিণ্ডিকেটক লৈ সৰৱ ডিমা হাছাও কংগ্ৰেছ

অসম মিনাৰেলছ ডেভেল’পমেন্ট ক’ৰ্পাৰেশ্যনৰ নিয়ম অনুসৰি ১৫ টনৰ অধিক কয়লাৰ বাবে চালান ইচ্ছ্যু কৰা নহ'ব কিন্তু নিৰ্মল লাংথাচাৰ অভিযোগ ১৫ টনৰ পৰিৱৰ্তে তাৰ পৰা কয়লা লৈ যোৱা হৈছে ২০ ৰ পৰা ২৫ টন কৈ প্ৰতি ট্ৰাকত । আনহাতে যি সকল কয়লা ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে আকৌ মিনাৰেলছ ডেভেল’পমেন্ট ক’ৰ্পাৰেশ্যনক ১ লাখ ২০ হাজাৰ টকাৰ ৰয়েল্টি জমা দিয়ে । অৰ্থাৎ ৩৩ টন কয়লাৰ টকা জমা দিয়ে কিন্তু ইয়াৰ পৰিৱৰ্তে ১৫ টন কয়লাৰ চালান দিয়া হয় । যাৰ বাবে প্ৰায় ৬৬ হাজাৰ টকা ৰাজ্যৰ কোষাগাৰত জমা নহয় ।

এনেদৰেই ৰাজ্য চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ বৃহৎ ৰাজহৰ পৰা বঞ্চিত হৈছে । নিৰ্মল লাংথাচাই লগতে কয় যে এয়া কেৱল অসম চৰকাৰৰ ক্ষতি নহয় এয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বাবে ডাঙৰ ক্ষতি । কাৰণ ৰাজহ সঠিকভাৱে নোপোৱাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কৰ্মচাৰীৰ দৰমহা দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় ।

নেতাগৰাকীৰ অভিযোগ বিজেপি চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ আৰু সব কা সাথ সব কা বিকাশৰ শ্ল'গান দি থকা সময়তেই ৰাজ্যত কয়লাৰ বৃহৎ চিণ্ডিকেট চলি আছে । কয়লা চিণ্ডিকেট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দ্বাৰা তদন্তৰো দাবী জনায় ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাই ।

লগতে পঢ়ক :নিৰাপৰাধী লোকক অপৰাধী সজোৱা সহ্য কৰা নহ'ব : সাংসদ প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details