অসম

assam

By

Published : Jun 30, 2020, 6:40 PM IST

ETV Bharat / state

দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবীত সৰৱ জিলা কংগ্ৰেছ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবী ডিমা হাছাও কংগ্ৰেছৰ প্ৰতিবাদ । 10 জুলাইৰ ভিতৰত চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তোলে জিলা কংগ্ৰেছৰ সদস্য সকলে ৷

Dima Hasao Congress Protest Against Govt At Haphlong
দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবীত সৰৱ জিলা কংগ্ৰেছ

ডিমা হাছাও, 30 জুনঃউত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া পূৰনেন্দু লাংথাচা আৰু কাৰ্যবাহী বিষয়া নিন্দু লাংথাচাৰ হত্যাত জড়িত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবীত সৰৱ হৈ পৰে ডিমা হাছাও জিলা কংগ্ৰেছ দল ।

উল্লেখ্য যে, মঙলবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ডিমা-হাছাও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কালীজয় চেংয়ুঙয়ে কয় যে, পূৰনেন্দু নিন্দু হত্যাকাণ্ডকলৈ অসম আৰক্ষীয়ে হাফলং চি.জে.এম আদালত যি চার্জচিট দাখিল কৰে এই চার্জচিটত পাৰ্বত্য পৰিষদৰ বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লচাক অভিযুক্ত কৰা হৈছে । তাৰ পিছতো C.E.M পদৰ পৰা পদত্যাগ কৰা নাই দেৱলাল গাৰ্লচায়ে । সংবাদ মেলত কালীজয় চেংয়ুঙে কয় যে, আৰক্ষীয়ে দাখিল কৰা চার্জচিটত দেৱলাল গাৰ্লচাক অভিযুক্ত কৰাৰ পিছত নৈতিক দায়িত্বলৈ CEM পদৰ পৰা পদত্যাগ কৰিব লাগিছিল দেৱলালে । কিন্তু তাৰ পিছতো পদত্যাগ নকৰাতো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে সম্পাদক জনে ৷

দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবীত সৰৱ জিলা কংগ্ৰেছ

আনহাতে, এজন C.E.M হত্যাৰ গোচৰ থকাৰ পিছতো ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু বিজেপি মিত্ৰজোট চৰকাৰ খনে একো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে ৷ অসমৰ ৰাজ্যপালে দেৱলাল গাৰ্লচাক CEM পদত নিযুক্তি দিছিল আৰু এতিয়া ৰাজ্যপালেই CEM পদৰ পৰা দেৱলাল গাৰ্লচাক বৰ্খাস্ত কৰিব লাগে বুলি দাবী জনায় কংগ্ৰেছ দলৰ সদস্য সকলে । সংবাদমেলত কালীজয় চেংয়ুঙে আৰু কয় যে, অহা 10 জুলাইৰ ভিতৰত যদি চৰকাৰে এই বিষয়টো লৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহলে কংগ্ৰেছ দলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনত গঢ়ি তুলিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কালীজয় চেংয়ুঙে ।

লগতে পঢ়ক- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দাবীত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details