ডিমা হাছাও, 14 ডিচেম্বৰ : সোমবাৰে এন চি হিলচ ইণ্ডিজনাচ পিপলছ ফৰামে আহ্বান জনোৱা 12 ঘণ্টীয়া ডিমা হাছাও বন্ধ প্ৰত্যাহাৰ ৷ ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি দুখন পৃথক জিলা গঠন আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত এই বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৱে ৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আলোচনাৰ আশ্বাস পাই এই বন্ধ প্ৰত্যাহাৰ কৰে এন চি হিলচ ইণ্ডিজনাচ পিপলছ ফৰামে ৷ জানুৱাৰীৰ প্ৰথম সপ্তাহতে ইণ্ডিজনাচ পিপল ফৰামৰ দাবী সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লগত আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷
এন চি হিলচ ইণ্ডিজনাচ পিপলছ ফৰামৰ 12 ঘন্টীয়া ডিমা হাছাও বন্ধ প্ৰত্যাহাৰ - Dima Hasao bondh decision withdraw
ৰাজ্য চৰকাৰে এন চি হিলচ ইণ্ডিজনাচ পিপলছ ফৰামৰ দাবী সমুহৰ প্ৰতি সঁহাৰি জনাই আলোচনাৰ আশ্বাস দিয়াৰ পাছতে বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে সংগঠনটোৱে ৷ ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি দুখন পৃথক জিলা গঠন আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে দীৰ্ঘ দিনৰ পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে সংগঠনটোৱে ৷
এন চি হিলচ ইণ্ডিজনাচ পিপলছ ফৰামৰ 12 ঘন্টীয়া ডিমা হাছাও বন্ধ প্ৰত্যাহাৰ
উল্লেখযোগ্য 2010 চনত পূৰ্বৰ উত্তৰ কাছাৰ জিলাৰ নাম সলনি কৰি ডিমা হাছাও জিলা কৰাৰ পিছৰে পৰা এন চি হিলচ ইণ্ডিজনাচ পিপলছ ফৰামে ডিমা হাছাও জিলাক দ্বী-খণ্ডিত কৰি দুখন পৃথক জিলা আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে দাবী জনাই আহিছে ৷ কিন্তু ৰাজ্য চৰকাৰৰ পৰা কোনোধৰণৰ উচিত সহাৰি নোপোৱাত বাৰে বাৰে আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছে মাৰ নগা কুকি আৰু বহু কেইটা জনগোষ্ঠীকলৈ গঠিত হোৱা এন চি হিলচ ইণ্ডিজনাচ পিপলছ ফৰাম নামৰ সংগঠনটোৱে ৷