অসম

assam

ETV Bharat / state

শনিবাৰে ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মিয়ে আহ্বান কৰা বন্ধত স্তব্ধ হৈ পৰে ডিমা হাছাও জিলাৰ জনজীৱন - ডিএনএলএ

শনিবাৰে ডিমাছা শ্বহীদ দিৱস হিচাপে ঘোষণা কৰি ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি (ডিএনএলএ) উগ্ৰপন্থী সংগঠনে আহ্বান কৰে 24 ঘণ্টীয়া বন্ধৰ ৷

ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি
ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি

By

Published : Jan 25, 2020, 9:05 PM IST

ডিমা হাছাও, 25 জানুৱাৰীঃশনিবাৰে ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি (ডিএনএলএ) উগ্ৰপন্থী সংগঠনে আহ্বান কৰা 24 ঘণ্টীয়া বন্ধৰ ফলত ডিমা হাছাও জিলাৰ জনজীৱন সম্পূৰ্ণ স্তব্ধ হৈ পৰে ৷ 25 জানুৱাৰীৰ দিনটোক ডিমাছা শ্বহীদ দিৱস হিচাপে ঘোষণা কৰি উগ্ৰপন্থী সংগঠনটোৱে শুকুৰবাৰে নিশা 12 বজাৰ পৰা শনিবাৰে নিশা 12 বজালৈ, ডিমা হাছাও জিলা বন্ধৰ ঘোষণা কৰিছিল ৷

উল্লেখ্য যে, নগা শান্তি চুক্তিত ডিমা হাছাও জিলাৰ ভূমি অন্তৰ্ভুক্ত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিচত, 2018 চনত ডিমা হাছাও জিলাৰ বিভিন্ন দল সংগঠন আৰু সাধাৰণ ৰাইজ আন্দোলন মুখৰ হৈ উঠিছিল ৷ 2018 চনৰ 25 জানুৱাৰীত মাইবাং ৰে'ল ষ্টেচনত আন্দোলনৰত ৰাইজৰ ওপৰত আৰক্ষীৰ গুলী চালনাৰ ফলত প্ৰৱন্ত হাকমোকচা আৰু মিথুন ডিব্ৰুগেডে নামৰ দুজন যুৱক গুলীবিদ্ধ হৈ নিহত হৈছিল ৷ ইয়াৰ পিছৰে পৰা ডিমাছা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে প্ৰতি বছৰে 25 জানুৱাৰীৰ দিনটো ক'লা দিৱস হিচাপে পালন কৰি আহিছে ৷

লগতে পঢ়ক ঃচিৰাঙৰ বিজনীত কোচ ৰাজবংশী মহাসভাৰ সংবাদমেল

ABOUT THE AUTHOR

...view details