অসম

assam

ETV Bharat / state

আগষ্টলৈকে ডিমা হাছাওত 1 লাখ 25 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য - Assam Covid 19

ক'ভিড-১৯ ক পৰাভূত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা ৰাজ্যজুৰি বৰ্ধিত টীকাকৰণ কাৰ্যসূচী আৰম্ভ হ'ব । ইতিমধ্যে ইয়াৰ বাবে কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দুই হাজাৰ টীম সাজু কৰি তোলা হৈছে । ডিমা হাছাও জিলাতো আগষ্ট মাহৰ মাজতে 1 লাখ 25 হাজাৰ লোকক ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

Dima Hasao aims to give vaccine sustenance to 125,000 people by August
আগষ্টলৈকে ডিমা হাছাওত 1 লাখ 25 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য

By

Published : Jun 20, 2021, 8:41 PM IST

ডিমা হাছাও, 20 জুন : ডিমা হাছাও জিলাত আগষ্ট মাহৰ মাজতে 1 লাখ 25 হাজাৰ লোকক ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । দেওবাৰে ডিমা হাছাওৰ জিলা উপায়ুক্তৰ চৰকাৰী আৱাসত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰিছে জিলা উপায়ুক্ত পল বৰুৱাই ৷ উপায়ুক্ত বৰুৱাই এই ক্ষেত্ৰত কয় যে, জিলাখনত এতিয়ালৈকে 45 হাজাৰ লোকক কৰ’ণাৰ ভেকচিন প্ৰদান কৰা হৈছে ৷ প্ৰতি মাহত 10 হাজাৰ লোক তথা প্ৰতিদিনে 400 লোকক ভেকচিন প্ৰদান কৰি থকা হৈছে ।

সংবাদমেলত জিলা উপায়ুক্তগৰাকীয়ে কয় যে, সোমবাৰৰ পৰা 3 হাজাৰ লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব ৷ ইয়াৰ বাবে জিলাখনত 20 টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ খোলা হৈছে । তিনিদিনীয়াকৈ আয়োজন কৰা এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত ভেকচিন ল’বলৈ অহা লোকসকলৰ ক’ভিড পৰীক্ষা কৰা নহ’ব বুলি জানিবলৈ দিয়ে পল বৰুৱাই ।

আগষ্টলৈকে ডিমা হাছাওত 1 লাখ 25 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য

তদুপৰি বিভিন্ন সংবাদ মাধ্যমত ভেকচিনক লৈ বিভিন্ন নেতিবাচক বাতৰি প্ৰচাৰিত হোৱাৰ বাবে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰি এনে উৰাবাতৰিক আওকাণ কৰি সকলোকে ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায় জিলা উপায়ুক্তগৰাকীয়ে ৷ উল্লেখ্য যে, ২১ জুনৰ পৰা কেন্দ্ৰ চৰকাৰে সকলোৰে বাবে ভেকচিন বিনামূলীয়া কৰিছে । পূৰ্বতে ১৮-৪৪ বছৰৰ লোকৰ বাবে অসম চৰকাৰে ভেকচিন ক্ৰয় কৰিবলগীয়া হৈছিল ।

এতিয়াৰে পৰা কেন্দ্ৰই যোগান ধৰিব সকলো ভেকচিন । যাৰ পৰিপ্ৰেক্ষিতত দৈনিক ভেকচিন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে । বিগত ২৪ ঘণ্টাত ৰাজ্য চৰকাৰে লাভ কৰিছে দুই লাখ পালি ক’ভিশ্বিল্ড আৰু ৩০ হাজাৰ ড'জ ক'ভাক্সিন । বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত মজুত আছে ৭,২৮,৮৬০ পালি ভেকচিন ।

উল্লেখ্য যে, এতিয়ালৈকে ৫৩,২৩,১০১ গৰাকী লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ৪২,৬৭,৮৩৩ গৰাকী লোকে প্ৰথম পালি আৰু ১০,৫৫,২৬৮ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে । ইফালে ৰাজ্যখনত এতিয়াও অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । বিগত ২৪ ঘণ্ট‍াত ৰাজ্যখনত ১,৬১,৪২০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৩,৫৭১ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ।

সেই হিচাপত আক্ৰান্তৰ হাৰ ২.২১ শতাংশ । এই সময়চোৱাত মৃত্যু হৈছে ৪০ গৰাকী ক'ভিড ৰোগীৰ । বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৫,১৪১ গৰাকী লোকে, সেয়ে আৰোগ্যৰ হাৰ ৯১.৭৭ শতাংশ । বৰ্তমান সময়ত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৩৪,০২১ গৰাকী ৷

লগতে পঢ়ক: ভেকচিনে দৈনিক তিনি লাখ লোকক স্পৰ্শ কৰিব

ABOUT THE AUTHOR

...view details