ডিমা হাছাও, 10 অক্টোবৰ : ডিএইচডি উগ্ৰপন্থী সংগঠনৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত শান্তি চুক্তি 'MOS' স্বাক্ষৰিত হোৱাৰ 8 বছৰ পাৰ হৈ যোৱাৰ পিছতো এই শান্তি চুক্তিৰ সফল ৰূপায়ন হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ডিএইচডি-ৰ প্ৰাক্তন অধ্যক্ষ তথা হালালি প্ৰগ্ৰেচিভ ৱেলফেয়াৰ চছাইটিৰ সভাপতি দিলীপ নুনিচাই । 2012 চনৰ 8 অক্টোবৰত দিল্লীৰ নৰ্থ ব্লকত তৎকালীন ইউপিএ চৰকাৰ লগত ডিএইচডি নুনিচা গোট আৰু ডিএইচডি জুৱেল গোটৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ।
কিন্তু এই শান্তি চুক্তি তথা MOS স্বাক্ষৰিত হোৱাৰ 8 বছৰ পাৰ হৈ যোৱাৰ পিছত এই MOS-ত সন্নিবিষ্ট হোৱা বহু ক্ল’জৰ এতিয়া সফল ৰূপায়ন হোৱা নাই বুলি অভিযোগ কৰি দিলীপ নুনিচাই কয়, কেন্দ্ৰত বৰ্তমান নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত থকা এনডিএ চৰকাৰ আৰু ডিএইচডি-ৰ লগত হোৱা শান্তি চুক্তিৰ সফল ৰূপায়নত আন্তৰিক নহয় । আনহাতে দিলীপ নুনিচাই কয় চৰকাৰ লগত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ 8 বছৰ পাৰ হোৱাৰ পিছতো ডিএইচডি কেডাৰসকলৰ পুনসংস্থাপনৰ ব্যৱস্থা হোৱা নাই ৷ তাৰোপৰি ডিএইচডি কেডাৰসকলৰ বিৰুদ্ধে থকা বিভিন্ন গোচৰ সমূহো তুলি লোৱা নহ'ল ।