ডিমা হাছাও,19 মাৰ্চ:বুধবাৰে সন্ধিয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ গেষ্ট হাউচত দেৱলাল গাৰ্লচাই এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছে ডিমা হাছাও জিলাত পঞ্চায়তি ৰাজ প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰাৰ পাচতে বৃহস্পতিবাৰেদেৱলাল গাৰ্লচাক উভতি ধৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য সমৰজিৎ হাফলংবাৰ আৰু দেৱজিৎ থাওচেনে ৷
এখন সংবাদমেল সম্বোধন কৰি পৰিষদৰ প্ৰাক্তন দুয়ো গৰাকী মুখ্য কাৰ্যবাহী সদস্যই কয়, দেৱলাল গাৰ্লচাই NOC দিয়াৰ বাবেই এতিয়া ডিমা হাছাও জিলাত পঞ্চায়তি ৰাজ প্ৰৱৰ্তন হোৱাৰ দিশে আগবাঢ়িছে ৷ কাৰণ 2012 চনত পঞ্চায়তি ৰাজ প্ৰৱৰ্তন নোহোৱাৰ বাবে দেৱজিত থাওচেনৰ নেতৃত্বত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য নিৰ্বাহক কমিটিয়ে ৰাজ্যপালৰ অনুমোদনৰ বাবে ভিলেজ কাউন্সিল গঠন কৰাৰ বাবে প্ৰস্তাৱ পঠাইছিল।