অসম

assam

ETV Bharat / state

Anti drugs mission: ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে দেবলাল গাৰ্লোচাৰ - Anti drugs mission

ৰাজ্যজুৰি বৰ্তমানেও অব্যাহত ড্ৰাগছ বিৰোধী অভিযান(Operation against drugs) । কিন্তু আৰক্ষীৰ অবিৰত ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো একাংশই নিৰ্বিঘ্নে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা(Drugs paddler arrested in different parts of Assam) । পাহাৰীয়া জিলা ডিমা হাছাওতো বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰচলন । সেয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই(Strict action will be taken against drugs in Dima Hasao) ।

devlal garloca announces strict action against drugs
ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা দেবলাল গাৰ্লচাৰ

By

Published : Jul 17, 2022, 1:54 PM IST

ডিমা হাছাও, ১৬ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ অন্যতম পাহাৰীয়া জিলাসমূহতো বিগত কিছুদিনৰ পৰা বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । ড্ৰাগছৰ কৱলত পৰিছে পাহাৰীয়া জিলাসমূহৰ যুৱ সমাজ । জিলাসমূহৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা(Drugs paddler arrested in different parts of Assam) । গঢ়ি উঠিছে ড্ৰাগছৰ এখন বৃহৎ সাম্ৰাজ্য । সেয়ে ডিমা হাছাও জিলাত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ(Strict action will be taken against drugs in Dima Hasao) ।

ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ ঘোষণা মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ(Operation against drugs) । উল্লেখ্য যে কিছুদিন পূৰ্বে গাৰ্লোচাই হাতে-লোটে ধৰিছিল কেইবাজনো ড্ৰাগছ আসক্ত যুৱকক আৰু গতাই দিছিল আৰক্ষীক । ইয়াৰ পিচতই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে দেবলাল গাৰ্লোচাই ।

গাৰ্লোচাই যুৱ সমাজক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ বাবে সকলো অভিভাৱকক সচেতন হোৱাৰ আহ্বান জনায় । তেওঁ কয় যে, এতিয়াৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে পাহাৰীয়া জিলাখনত যথেষ্ট কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব । ইফালে ডিমা হাছাও জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে শনিবাৰে হাফলং এন এল দাওলাগাপু খেল পথাৰত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক:Rangapara Elephant attack: ৰঙাপৰাত বন্যহস্তীয়ে ভাঙিলে বাসগৃহ

For All Latest Updates

ABOUT THE AUTHOR

...view details