অসম

assam

ETV Bharat / state

পৰ্যটকৰ বাবে মুকলি দেডাৱদ্বীপ জলপ্ৰপাত - মাইবং মহকুমা

ডিমা হাছাওৰ হাফলঙৰ পৰা 35 কিল’মিটাৰ দূৰত্বত অৱস্থিত মাইবং মহকুমা ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মাইবং হৈছে এক আকৰ্ষণীয় পৰ্যটনস্থলী ৷ এই মাইবঙতে আছে ডিমাচা ৰজাৰ এক শিলৰ ঘৰ যাৰ নাম ডিমাচা ৰাজবাৰী ৷ ইয়াৰোপৰি বিভিন্ন ঐতিহাসিক স্মৃতি সৌধৰে ভৰপুৰ পাহাৰীয়া চহৰ মাইবং ৷ শুকুৰবাৰে মাইবঙৰ দেডাৱদ্বীপ গাঁৱত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে দেডাৱদ্বীপ জলপ্ৰপাত ৷

Dedavadwip Falls is open for tourists dima hasao assam etv bharat news
পৰ্যটকৰ বাবে মুকলি দেডাৱদ্বীপ জলপ্ৰপাত

By

Published : Aug 14, 2020, 3:00 PM IST

ডিমা হাছাও,14 আগষ্ট: ডিমা হাছাওৰ হাফলঙৰ পৰা 35 কিল’মিটাৰ দূৰত্বত অৱস্থিত মাইবং মহকুমা ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মাইবং হৈছে এক আকৰ্ষণীয় পৰ্যটনস্থলী ৷ এই মাইবঙতে আছে ডিমাচা ৰজাৰ এক শিলৰ ঘৰ যাৰ নাম ডিমাচা ৰাজবাৰী ৷ ইয়াৰোপৰি বিভিন্ন ঐতিহাসিক স্মৃতি সৌধৰে ভৰপুৰ পাহাৰীয়া চহৰ মাইবং ৷ শুকুৰবাৰে মাইবঙৰ দেডাৱদ্বীপ গাঁৱত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে দেডাৱদ্বীপ জলপ্ৰপাত ৷

পৰ্যটকৰ বাবে মুকলি দেডাৱদ্বীপ জলপ্ৰপাত

হাফলঙৰ পৰা মাইবং অভিমুখে যোৱাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত দেখা যায় দেডাৱদ্বীপ গাঁও আৰু এই ৰাষ্ট্ৰীয় ঘাইপথেৰে 15 মিনিট পাৰ হ’লেই দেখা যায় জলপ্ৰপাতটো । ডিমা হাছাও অসমৰ এখন পাহাৰীয়া জিলা হোৱা হেতুকে জিলাখন এক বৃহৎ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে স্বায়ত্ব শাসিত পৰিষদখনৰ সিইএম দেৱলাল গাৰ্লোচাই ৷ গাৰ্লোচায় দেডাৱদ্বীপ জলপ্ৰপাতলৈ অহা পৰ্যটকসকলে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে জলপ্ৰপাতৰ লগত সংলগ্ন পাৰ্কখনত দুশজনীয়া এক অতিথিশালা নিৰ্মাণৰ কৰা হ’ব । জিলাখনত পৰ্যটনৰ সম্ভাৱনা বাঢ়িলে নিবনুৱাৰ কৰ্ম সংস্থাপনৰ সম্ভাৱনা প্ৰকট হ’ব । জিলাখনত থকা জলপ্ৰপাতসমূহ আৱিষ্কাৰ কৰি অনতিপলমে চার্ভেৰ কাম আৰম্ভ কৰাৰ কথাও প্ৰকাশ কৰে গাৰ্লোচাই ।

লগতে চাওকঃখুমটাইত বাঁহ খেতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনা

ABOUT THE AUTHOR

...view details