অসম

assam

ETV Bharat / state

লামডিঙত দিন দুপৰতে ৰাইজৰ ৰোষত পৰিল গৰু চোৰ - লামডিং আৰক্ষীৰ হাতত গতাই দিয়ে

শনিবাৰে লামডিঙত দিন দুপৰতে ৰাইজৰ ৰোষত পৰিল গৰু চোৰ ৷ লামডিং নিউ কলনি অঞ্চলত এ এছ-02 এ চি-3248 নম্বৰৰ বাহনখনৰ লগতে বৰবস্তিৰ বিধান দাস নামৰ চোৰ এটাক আটক কৰে স্থানীয় ৰাইজে ৷

as_hojai_lumping_cow_img_10015
লামডিংত দিন দুপৰতে ৰাইজৰ ৰোষত পৰিল গৰু চোৰ

By

Published : Nov 28, 2020, 10:25 PM IST

হোজাই,28 নৱেম্বৰ : লামডিঙত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ উপদ্ৰৱ ৷ শনিবাৰে লামডিঙত দিন দুপৰতে ৰাইজৰ ৰোষত পৰিল গৰু চোৰ ৷ লামডিং নিউ কলনি অঞ্চলত এ এছ-02 এ চি-3248 নম্বৰৰ বাহনখনত তিনিজনীয়া গৰু সৰবৰাহকাৰীৰ এটা দলে গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে ৷ দীৰ্ঘদিনৰ পৰা গৰু চোৰে ত্ৰাসৰ সৃষ্টি কৰিছিল অঞ্চলটোত ৷

লামডিংত দিন দুপৰতে ৰাইজৰ ৰোষত পৰিল গৰু চোৰ

উল্লেখ্য যে, বাহনখনত থকা লামডিং বৰবস্তিৰ বিধান দাস নামৰ চোৰ এটাক গাড়ীসহ স্থানীয় ৰাইজে আটক কৰে যদিও দুজন পলাই যাবলৈ সক্ষম হয় ৷ স্থানীয় ৰাইজে আটক কৰা চোৰটোক লামডিং আৰক্ষীৰ হাতত গতাই দিয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:নলবাৰী ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

ABOUT THE AUTHOR

...view details