ডিমা হাছাও, 12 জুলাই :সমগ্ৰ দেশৰ লগতে অসমতো মাৰ যোৱা নাই ক’ভিড (covid 19) ৰ ভয়াৱহতা । ক’ভিডৰ এই দ্বিতীয় ঢৌত ভাৰতীয় ৰে’লৰ বহু কৰ্মচাৰী আক্ৰান্ত হৈছে । যাৰ ফলত দেশত বন্ধ হৈ পৰিছিল ৰে’ল সেৱা ।
সেয়ে উত্তৰ পূৱ সীমান্ত ৰে’লৱে (NF Railway) কৰ্তৃপক্ষই ৰে’ল কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু ৰে’লৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, ৰে’ল বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলোকে ক’ভিড প্ৰতিষেধক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সোমবাৰে বদৰপুৰৰ পৰা ‘ভো এক্সপ্ৰেছ’ (VOW Exprees) নামৰ এখন বিশেষ ৰে’ল দিনৰ 11 বজাত নিউহাফলং ষ্টেচনত আহি উপস্থিত হয় ৷ ইয়াৰ পিচতে নিউহাফলং ষ্টেচনত থকা ৰে’লৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক ৰে’লৰ ডবাৰ ভিতৰত ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয় ।
পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৱ ৰে’লৱে কৰ্তৃপক্ষই ৰে’ল কৰ্মচাৰী সকলৰ ভ্ৰাম্যমান ৰে’লৰ ডবাত ক’ভিডৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে ।
ডিমা হাছাওত ভ্ৰাম্যমান ৰে’লৰ ডবাত ক’ভিডৰ প্ৰতিষেধক প্ৰদান ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ক’ভিড প্ৰতিষেধকৰ পালি দিয়া হৈছে ৷ ৰে’ল কৰ্মচাৰী সকলক ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ বাবে ৰে’ল কৰ্তৃপক্ষই ৰে’ল আৰু স্বাস্থ্যকৰ্মীক নিয়োজিত কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু উত্তৰ পূৱ সীমান্ত ৰে’লৱে (NF Railway) কৰ্তৃপক্ষই যুটীয়াভাৱে এই কাৰ্যসূচী হাতত লৈছে ।
ইপিনে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ লামডিং ডিভিচনৰ মুখ্য স্বাস্থ্য অধীক্ষক (Chief Medical Superintendent) স্বপ্না দৈমাৰীয়ে জানিবলৈ দিয়া অনুসৰি, লামডিং ডিভিছনৰ ডিআৰএমৰ নিৰ্দেশত সোমবাৰে ৰে’লৱে ভেকচিনেশ্যন কাৰ্যসূচী আৰম্ভ কৰা হয় । লগতে তেওঁ কয় যে, ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰথম পৰ্যায়ত সোমবাৰে 150 পালি ভেকচিন প্ৰদান কৰিছে ৷ সোমবাৰে নিউহাফলংৰ পিছতে ভেকচিনৰ ৰে’লখন জাতিংগা নিউলামপুৰ, নিউহাৰেংগজাও ডিটেকচৰা ষ্টেচন অভিমুখে গতি কৰিব ৷ উল্লেখিত স্থানসমূহত উপস্থিত হৈ ৰে’ল কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যকে ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
স্বপ্না দৈমাৰীয়ে অৱগত কৰা অনুসৰি, সোমবাৰে প্ৰথম পৰ্যায়ত এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে । দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে যেতিয়া ক’ভিডৰ ভেকচিন উত্তৰ পূৱ সীমান্ত ৰে’লৱেক প্ৰদান কৰিব তেতিয়া ৰাজ্যৰ অনান্য ষ্টেচন সমূহত ৰে’ল কৰ্মচাৰী সকলোকে ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ 100 শতাংশ কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালক ভেক্সিনেশ্যনৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই এই ব্যৱস্থা গ্ৰহণ কৰিছে ।
লগতে পঢ়ক:গণ সংক্ৰমণৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ দায়িত্বত যোৰহাট