অসম

assam

ETV Bharat / state

ডিমা হাছাওত ক'ভিড প্ৰতিষেধক প্ৰক্ৰিয়া আৰম্ভ - ডিমা হাছাও জিলা

ডিমা হাছাও জিলা (Dima Hasao District)তো স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ উদ্যোগত 21 জুনৰ পৰা 18 বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড-19 প্ৰতিষেধক (COVID VACCINE) প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ সম্পূৰ্ণ ক'ভিড-19 প্ৰট'কল মানি জিলাখনৰ মুঠ 9 হাজাৰ লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰিব স্বাস্থ্য বিভাগে ।

Covid vaccination  process begins in Dima Hasao District
ডিমা হাছাওত ক'ভিড প্ৰতিষেধক প্ৰক্ৰিয়া আৰম্ভ

By

Published : Jun 21, 2021, 2:30 PM IST

ডিমা হাছাও, 21 জুন:সমগ্ৰ দেশ তথা ৰাজ্যত অব্যাহত আছে কৰ'ণা মহামাৰী (covid-19)ৰ আতংক ৷ ইফালে covid-19 প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যতে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে ঘোষণা কৰিছে আংশিক লকডাউন ৷ ইফালে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰতিগৰাকী লোকক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে আৰম্ভ হৈছে ঘৰ ঘৰে ভেকচিন তথা স্ব্যস্থ্য পৰীক্ষা অভিযান ৷

সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাতো (Dima Hasao District) সোমবাৰৰ পৰা আৰম্ভ হৈছে ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । সোমবাৰে পুৱা 8 বজাৰ পৰা জিলাখনৰ 20 টাকৈ ক'ভিড প্ৰতিষেধক কেন্দ্ৰত এই কাৰ্যসূচী আৰম্ভ হৈছে । জিলাখনত তিনি দিনীয়াকৈ চলিব ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ ।

ডিমা হাছাওত ক'ভিড প্ৰতিষেধক প্ৰক্ৰিয়া আৰম্ভ

কৰ'ণাক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ডিমা হাছাও (Dima Hasao District) জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ কৰ্তৃপক্ষই ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে । ইফালে জিলাখনত বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠন সমূহে কৰ'ণা মহামাৰীৰ বিষয়ে ৰাইজক সজাগ আৰু সচেতনতা বৃদ্ধি কৰিবলৈ বিভিন্ন ব্যৱস্থাৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ।

তিনি দিনীয়াকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মৰ্মে 18 বছৰৰ উৰ্দ্ধৰ সকলোকে এই কভিড প্ৰতিষেধক প্ৰদান কৰা হ'ব । জিলাখনত মুঠ 9 হাজাৰ লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰিব স্বাস্থ্য বিভাগে । ইতিমধ্যে পুৱা 8 বজাৰে পৰা জিলাখনৰ বিভিন্ন ক'ভিড প্ৰতিষেধক কেন্দ্ৰত ৰাইজে শাৰি পতা পৰিলক্ষিত হৈছে ।

সমান্তৰালকৈ আজিৰে পৰা শিৱসাগৰ জিলাতো ব্যাপকভাৱে প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr.Himanta Biswa Sarma) ই শেহতীয়াকৈ প্ৰদান কৰা নিৰ্দেশমৰ্মে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত 18 বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী পূৰ্বতকৈও অধিক তীব্রতৰ কৰি তুলিছে । এই প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ অৰ্থে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত স্বাস্থ্য বিভাগ প্ৰমুখ্যে ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, বিভিন্ন বিভাগীয় শীৰ্ষ বিষয়া সকলৰৰ সৈতে এখন সভা অনুষ্ঠিত হয় ।

উক্ত সভাখনত উপায়ুক্ত গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে জিলাখনৰ ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীক এক ব্যাপক জন আন্দোলন ৰূপে গঢ়ি তোলা হ'ব । এই অভিযানত কেন্দ্ৰ সমূহত সম্পূৰ্ণ ক'ভিড-19 প্ৰট'কল মানি চলি 18 বছৰ বয়সৰ উৰ্ধৰ ব্যক্তি সকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব । এই অভিযানৰ প্ৰথম দিনা জিলাখনৰ 40 টা প্ৰতিষেধক কেন্দ্ৰত মুঠ 8,000 পালি ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক-অসমত বান-গৰাখহনীয়া সমস্যা সমাধান কৰা সম্ভৱ নহয়: উৰ্খাও গৌৰা ব্ৰহ্ম

ABOUT THE AUTHOR

...view details