অসম

assam

ETV Bharat / state

ডিমা হাছাওত ১২-১৪ বছৰৰ কিশোৰ কিশোৰীৰ বাবে ক’ভিডৰ টীকাকাৰণ আৰম্ভ - ডিমাহাছাও জিলাতো আৰম্ভ হৈছে টীকাকৰণ অভিযান

সমগ্ৰ দেশৰ লগতে আজি ৰাজ্যত 12 বছৰৰ পৰা 14 বছৰৰ কিশোৰ কিশোৰী সকলৰ বাবে কোভিড 19 ৰোগৰ টীকাকৰণৰ শুভাৰম্ভ হয় (Covid vaccination for ages 12 to 14 years) । ডিমাহাছাও জিলাতো আৰম্ভ হৈছে টীকাকৰণ অভিযান ।

12 14 year old's vaccination campaign begins in dimahasao
ডিমা হাছাও জিলাত ১২ পৰা ১৪ বছৰৰ কিশোৰ কিশোৰী সকলৰ বাবে কোভিডৰ টীকা কাৰণ আৰম্ভ

By

Published : Mar 16, 2022, 5:52 PM IST

ডিমা হাছাও, ১৬ মাৰ্চ: সমগ্ৰ দেশৰ লগতে ৰাজ্যতো 16 মাৰ্চ অৰ্থাৎ আজিৰে পৰা ১২ৰ পৰা ১৪ বছৰৰ কিশোৰ কিশোৰী সকলৰ বাবে কোভিড ১৯ৰ টীকাকৰণৰ শুভাৰম্ভ কৰা হৈছে(Covid vaccination drive for ages 12 to 14 years) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিমা হাছাও জিলাৰ হাফলং চহৰৰ কাষতে থকা ফিয়াংপুই হাইস্কুলত এই টীকাকৰণ কাৰ্যসূচী মুকলি কৰে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদে ।

বুধবাৰ দিনৰ ১২ টা বজাত ১২ বছৰৰ পৰা ১৪ বছৰৰ কিশোৰ কিশোৰী সকলৰ বাবে টীকাকৰণ কাৰ্যসূচী মুকলি কৰি জিলা উপায়ুক্ত নাজৰিন আহমেদে কয় ২০০৮, ২০০৯ আৰু ২০১০ চনত যি সকলে জন্ম গ্ৰহণ কৰিছে, যি কিশোৰ কিশোৰীৰ বয়স ১২ বছৰৰ অধিক তেওঁলোকক এই ভেকচিন প্ৰদান কৰা হ’ব ।

ডিমা হাছাও জিলাত ১২ পৰা ১৪ বছৰৰ কিশোৰ কিশোৰী সকলৰ বাবে কোভিডৰ টীকা কাৰণ আৰম্ভ

বিদ্যালয়ত যি সকল কিশোৰ কিশোৰীয়ে ভেকচিন লব নোৱাৰিব তেওঁলোকে ওচৰতে থকা চৰকাৰী ক’ভিড ১৯ টীকা প্ৰদান কেন্দ্ৰ সমূহত গৈ টীকা গ্ৰহণ কৰিব পাৰিব বুলি মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে । বুধবাৰে ফিয়াংপুই হাইস্কুলত এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ চীফ মেডিকেল হেলথ অফিচাৰ ডাঃ মেৰিনা চাংছন, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা উপায়ুক্ত এল আর খাঙতে আৰু উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ উপ-সচিব ৰেবেকা চাংছন ।

লগতে পঢ়ক:কাশ্মীৰ ফাইল চাবলৈ অৰ্ধছুটী ল’ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details