অসম

assam

ETV Bharat / state

ডিমা হাছাও জিলাৰ উপায়ুক্ত কৰ'ণাত আক্ৰান্ত

ডিমা হাছাও জিলাৰ জিলা উপায়ুক্তৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ যোৱা হ’ব জিলা উপায়ুক্ত পল বৰুৱাক ৷

Covid Positive Dima Hasao District Commissioner
Covid Positive Dima Hasao District Commissioner

By

Published : Sep 3, 2020, 7:49 PM IST

Updated : Sep 3, 2020, 7:59 PM IST

ডিমা হাছাও, 3 ছেপ্তেম্বৰ: ডিমা হাছাও জিলাত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰ ৷ বৃহস্পতিবাৰে জিলাখনৰ উপায়ুক্ত পল বৰুৱাৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি । যোৱা তিনি-চাৰি দিনৰ পৰা জিলা উপায়ুক্তগৰাকীয়ে কিছু অসুস্থতা বোধ কৰিছিল যাৰ ফলত ক’ভিড পৰীক্ষা কৰা হয় পল বৰুৱাক ৷ অৱশেষত বৃহস্পতিবাৰে জিলা উপয়ুক্ত গৰাকীৰ ক’ভিড টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ পোৱা যায় ৷

স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এতিয়া উপায়ুক্তগৰাকীৰ দেহত ক’ভিড-19 ৰ লক্ষণ দেখা দিয়াৰ পাচতেই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ যোৱা হ’ব । ইপিনে জিলা উপয়ুক্তৰ পল বৰুৱাৰ দেহত ক’ভিড-19 ৰোগৰ উপস্থিতি ধৰা পৰাৰ পিছত জিলা উপায়ুক্তৰ চৰকাৰী আৱাস আৰু জিলা উপয়ুক্তৰ কাৰ্যালয় সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হৈছে ৷

উল্লেখ্য যে, ডিমা হাছাও জিলাত ক’ভিড-19 ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা 500 জনলৈ বৃদ্ধি পাইছে । এই 500 গৰাকী ৰোগীৰ মাজত 325 গৰাকী ইতিমধ্যে আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি পাইছে। বৰ্তমানত 96 গৰাকী ৰোগীৰ চিকিৎসা হাফলং অসামৰিক চিকিৎসালয়ত চলি থকাৰ বিপৰীতে 77 গৰাকী ৰোগীৰ জিলাৰ বাহিৰত বিভিন্ন চিকিৎসা চলিয়াছে।

লগতে চাওক-প্ৰমোদ বড়ো এজন পাগলঃ জগদীশ সৰকাৰ

Last Updated : Sep 3, 2020, 7:59 PM IST

ABOUT THE AUTHOR

...view details