ডিমা হাছাও, ১৮ জুন : ৰাজ্যৰ কেইবাখনো জিলাত এতিয়াও অনিয়ন্ত্ৰিতভাৱে বাঢ়ি আছে ক'ভিড আক্ৰান্তৰ সংখ্যা । সেয়ে, অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলা প্ৰশাসনে । ডিমা হাছাও জিলাতো ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ ৰোধৰ বাবে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে । এই নিৰ্দেশ অনুসৰি, এতিয়াৰে পৰা জিলাখনৰ ক'ভিড ৰোগীসকল হোম আইচ'লেচনত থাকিলে মানি চলিব লাগিব প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম । হোম আইচ'লেচনৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে নতুন নিৰ্দেশনা জাৰি কৰাৰ পাছতে ডিমা হাছাও জিলা প্ৰশাসনে ক'ভিড ৰোগীক হোম আইচ'লেচনত থকাৰ অনুমতি দিয়াৰ ক্ষেত্ৰত এই সিদ্ধান্ত লয় ।
শুকুৰবাৰে এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে ডিমা হাছাওৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰসমন বিভাগৰ অধ্যক্ষ পল বৰুৱাই । এতিয়াৰে পৰা ক'ভিড আক্ৰান্ত ৰোগী ক'ভিড কেয়াৰ চেণ্টাৰত চৰকাৰী চিকিৎসকৰ তত্বাৱধানত থাকিব লাগিব । কোনো ৰোগী যদি হোম আইচ'লেচনত থাকিব বিচাৰে, তেন্তে ৰোগী গৰাকীৰ ঘৰতে পৃথক কোঠা থকাৰ লগতে পৃথক বাথৰুম থাকিব লাগিব ।