অসম

assam

By

Published : May 8, 2021, 11:51 AM IST

ETV Bharat / state

ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৭২ গৰাকীলৈ বৃদ্ধি

শুকুৰবাৰে ডিমা হাছাও জিলাত ১৮ গৰাকী ব্যক্তি মহামাৰীৰ কবলত পৰে । ইয়াৰ লগে লগে ডিমা হাছাওত এতিয়ালৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৭২ গৰাকীলৈ বৃদ্ধি পায় । জিলাখনত ইতিমধ্যে সুস্থ হৈ উঠিছে ১০৪ গৰাকী ৰোগী । জিলাখনত আৰোগ্যৰ হাৰ ৪০.৭৮ শতাংশ ।

Dima hasao covid
ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৭২ গৰাকী লৈ বৃদ্ধি

ডিমা হাছাও,৮ মে': ডিমা হাছাও জিলাত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা মহামাৰীয়ে । শুকুৰবাৰে পাহাৰীয়া জিলাখনত নতুনকৈ ১৮ গৰাকী ব্যক্তি মহামাৰীৰ কবলত পৰে । ইয়াৰ লগে লগে ডিমা হাছাও জিলাত এতিয়ালৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৭২ গৰাকীলৈ বৃদ্ধি হৈছে ।

ইপিনে ডিমা হাছাওত কৰ'ণাৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন । জিলাখনত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হ'লেও একাংশ ৰাইজে মানি চলা নাই ক'ভিড স্বাস্থ্য বিধি । প্ৰশাসনে জিলাখনৰ বিভিন্ন ঠাইত মাইকযোগে কৰ'ণা সজাগতা সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে, যদিও অধিকাংশ ৰাইজে বজাৰ, বেংক আদি ভিন্ন প্ৰতিষ্ঠানত মানি চলা নাই সামাজিক দূৰত্ব ।

ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৭২ গৰাকী লৈ বৃদ্ধি

শুকুৰবাৰে জিলাখনৰ হাফলংস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়াত দেখা গ'ল ক'ভিড স্বাস্থ্য বিধিৰ সকলো নীতি-নিয়ম ভংগৰ দৃশ্য । ৰাজ্য চৰকাৰ তথা প্ৰশাসনে বাৰে বাৰে ৰাইজক সজাগ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই অহাৰ পাচতো একাংশ ৰাইজে পুনৰ ভংগ কৰে এইসমূহ নীতি-নিৰ্দেশনা ।

ডিমা হাছাওত ইতিমধ্যে সুস্থ হৈ উঠিছে ১০৪ গৰাকী ৰোগী । ফলত এতিয়ালৈকে সুস্থ হোৱাৰ হাৰ ৪০.৭৮ শতাংশ । সম্প্ৰতি হাফলং অসামৰিক চিকিৎসালয়ত ২৬ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে এগৰাকী ৰোগীৰ মৃত্যু হৈছে । ইফালে, ৩ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে । ১৩৮ গৰাকী ৰোগী হোম আইচ’লেচনত আছে ।

লগতে পঢ়ক: কৰ'ণাৰ হটস্পটলৈ পৰিণত কৰিমগঞ্জ জিলা কাৰাগাৰ

ABOUT THE AUTHOR

...view details