ডিমা হাছাও, ৩ মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে কৰ'ণাত আক্রান্ত ৰোগীৰ সংখ্যা । সমান্তৰালকৈ ডিমা হাছাও জিলাতো কৰ'ণাত আক্রান্ত ৰোগীৰ সংখ্যা ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে । দেওবাৰৰ দিনটোত ডিমা হাছাওত নতুনকৈ ১৮ গৰাকী লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে ।
ডিমা হাছাওত কৰ'ণাত বৰ্তমানলৈ ডেৰ শতাধিক লোক আক্রান্ত ক’ভিড-19ত - ডিমা হাছাও জিলা
দেওবাৰৰ দিনটোত ডিমা হাছাওত নতুনকৈ ১৮ গৰাকী লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ ফলত জিলাখনত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৭২ গৰাকীলৈ বৃদ্ধি হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । ইয়াৰ মাজতে ইতিমধ্যে ২৪ গৰাকী ৰোগী সুস্থ হৈ উঠিছে ।
![ডিমা হাছাওত কৰ'ণাত বৰ্তমানলৈ ডেৰ শতাধিক লোক আক্রান্ত ক’ভিড-19ত covid](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11622846-355-11622846-1620023065144.jpg)
ডিমা হাছাওত কৰ'ণাত আক্রান্তৰ সংখ্যাই ডেৰ শতাধিকৰ ঘৰ অতিক্ৰম
ইয়াৰ ফলত জিলাখনত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৭২ গৰাকীলৈ বৃদ্ধি হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, ডিমা হাছাও জিলাত কৰ'ণাত আক্ৰান্ত ১৭২ গৰাকী ৰোগীৰ ভিতৰত ইতিমধ্যে ২৪ গৰাকী ৰোগী সুস্থ হৈ উঠিছে । বৰ্তমান ৪১ গৰাকী ৰোগী হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ লগতে ১০৭ গৰাকী ৰোগীক হোম আইচলেচনত ৰখা হৈছে ।
লগতে পঢ়ক: শিলচৰত জয়লাভ বিজেপি প্ৰাৰ্থী দ্বীপায়ন চক্রৱর্তীৰ