অসম

assam

ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 366 লৈ বৃদ্ধি

By

Published : May 12, 2021, 10:59 PM IST

ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 366 গৰাকী লৈ বৃদ্ধি । বুধবাৰ পাহাৰীয়া জিলা খনত নতুন কৈ আৰু 22 গৰাকী ব্যক্তি কৰ'নাত আক্ৰান্ত হৈছে ৷

covid cases increases in dima hasao
ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 366 লৈ বৃদ্ধি

ডিমা হাছাও, 12 মে: ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 366 গৰাকী লৈ বৃদ্ধি । বুধবাৰ পাহাৰীয়া জিলা খনত নতুনকৈ 22 গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হৈছে । ইপিনে পাহাৰীয়া জিলা খনত কৰ'নাত আক্ৰান্ত 366 গৰাকী ৰোগীৰ মাজতে ইতিমধ্যে এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে 167 গৰাকী ৰোগী । বৰ্তমানত 38 গৰাকী ৰোগীৰ চিকিৎসা হাফলং অসামৰিক চিকিৎসালয়ত চলি থকাৰ বিপৰীতে 155 গৰাকী ৰোগীক হোম আইচলেচনত ৰখা হৈছে ৷

ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 366 লৈ বৃদ্ধি

আনহাতে 5 গৰাকী ৰোগীৰ উন্নত চিকিৎসাৰ বাবে জিলাখনৰ বাহিৰত প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । ডিমা হাছাওত কৰ'ণাৰ গণ সংক্ৰমণ বিশেষকৈ জিলা সদৰ হাফলংত কৰ'ণা পৰিস্থিতি ভয়াবহ ৰূপ লৈছে । যাৰ বাবে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুয়াই বুধবাৰে চিআৰপিচিৰ 144 ধাৰাৰ অধীনত জিলাৰ সকলো সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :হোমেন বৰগোহাঞিৰ মৃত্যু: শোক প্ৰকাশ বাক্সাৰ সাংবাদিক সমাজৰ

ABOUT THE AUTHOR

...view details