অসম

assam

ডিমা হাছাওত হ্ৰাস পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা

By

Published : Jun 9, 2021, 8:56 AM IST

সমগ্ৰ দেশত কৰ’ণা মহামাৰীৰ তাণ্ডৱৰ সময়তে আহিছে সুখবৰ ৷ ডিমা হাছাওত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড 19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ অৱশ্যে বৰ্তমানেও সান্ধ্য আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতিত আছে আৰক্ষী ।

covid cases decreasing in dima hasao
ডিমা হাছাওত হ্ৰাস পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা

ডিমা হাছাও,9 জুন : ডিমা হাছাও জিলাত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ভিড 19 ত আক্ৰান্ত লোকৰ সংখ্যা । দেওবাৰলৈকে ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত হৈছে 66 গৰাকীকৈ লোক । জানিব পৰা মতে, সোমবাৰৰ দিনটোত ডিমা হাছাওত আক্ৰান্ত হৈছিল 40 গৰাকীকৈ লোক ৷ ইয়াৰ বিপৰীতে মঙলবাৰৰ দিনটোত 26 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি ।

সান্ধ্য আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী

উল্লেখ্য যে, ডিমা হাছাওত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 1,798 গৰাকী হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে 1,088 গৰাকী । জিলাখনত বৰ্তমান আক্ৰান্ত লোকৰ সংখ্যা 668 গৰাকী । ইয়াৰ মাজতে হোম আইচ'লেচনত (home isolation) ত আছে 624 গৰাকী লোক । হাফলং অসামৰিক চিকিৎসালয়ত (Haflong civil hospital) 32 গৰাকী লোকৰ চিকিৎসা চলি থকাৰ বিপৰীতে কোভিড কেয়াৰ চেণ্টাৰত (covid care center) 12 গৰাকীৰ চিকিৎসা চলি আছে । ইতিমধ্যে জিলাখনত ক’ভিড 19 ত আক্ৰান্ত হৈ 13 গৰাকী লোকৰ মৃত্যু হৈছে ।

জিলাখনত কৰ'ণা সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে যদিও ক’ভিড বিধি (covid protocol) আৰু সান্ধ্য আইন অমান্যকাৰীৰ (curfew breakers) বিৰুদ্ধে কঠোৰ হৈছে জিলা আৰক্ষী । সোমবাৰৰ পৰা সান্ধ্য আইন ভংগ কৰি নিজৰ বাহন লৈ ওলাই অহা বহু লোকক জৰিমনা বিহাৰ লগতে কেইবাগৰাকীও ব্যক্তিক আটক কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক:আগষ্টত অনুষ্ঠিত হ’ব পাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

ABOUT THE AUTHOR

...view details