অসম

assam

By

Published : Apr 17, 2021, 8:21 PM IST

ETV Bharat / state

ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১০ জনলৈ বৃদ্ধি

ডিমা হাছাও জিলাত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১০ জনলৈ বৃদ্ধি । শনিবাৰে বহিঃৰাজ্যৰ পৰা অহা এগৰাকী সেনা জোৱানৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে । শুকুৰবাৰৰ পৰা জিলা স্বাস্থ্য বিভাগে নিউ হাফলং ৰেল ষ্টেচনত বহিঃৰাজ্যৰ পৰা অহা সকলো ৰে'ল যাত্ৰীৰ ক'ভিড পৰীক্ষা আৰম্ভ কৰিছে ৷

ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ১০ জনলৈ বৃদ্ধি
ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ১০ জনলৈ বৃদ্ধি

ডিমা হাছাও, ১৭ এপ্ৰিল: দেশত কৰ'ণাই কালৰূপ ধাৰণ কৰিছে । দেশৰ লগতে ৰাজ্যতো কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । ডিমা হাছাও জিলাতো কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে । শনিবাৰে বহিঃৰাজ্যৰ পৰা অহা এগৰাকী সেনা জোৱানৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে । উত্তৰ প্ৰদেশৰ পৰা অহা এই সেনা জোৱানগৰাকীয়ে নিউ হাফলং ৰেল ষ্টেচনত ক'ভিড পৰীক্ষা কৰাৰ পাছতে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

কৰ'ণাৰ কালৰূপৰ বাবে শুকুৰবাৰৰ পৰা জিলা স্বাস্থ্য বিভাগে নিউ হাফলং ৰেল ষ্টেচনত বহিঃৰাজ্যৰ পৰা অহা সকলো ৰে'ল যাত্ৰীৰ ক'ভিড পৰীক্ষা আৰম্ভ কৰে । চিন্তনীয়ভাৱে কৰ'ণাৰ দ্বিতীয় ঢৌক লৈ ৰাইজৰ মাজত কোনো ধৰণৰ সজাগতা দেখিবলৈ পোৱা হোৱা নাই । একাংশ ৰাইজে স্বাস্থ্যবিধি আৰু চৰকাৰী নীতি-নিয়ম মানি নচলাকৈ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দূৰত্ব মানি নচলাৰ অভিযোগ উত্থাপিত হৈছে ৷ স্বাস্থ্য বিভাগে কৰ'ণা ৰোধ কৰিবলৈ স্বাস্থ্যবিধি আৰু চৰকাৰী নীতি- নিয়ম মানি চলাৰ বাবে বাৰাম্বাৰ আহ্বান জনোৱাৰ পাছতো একাংশ ৰাইজ এতিয়াও সজাগ নোহোৱাৰ পৰিপ্ৰেক্ষিতত সচেতন মহল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: ধেমাজিৰ বোৱাৰীয়ে অসমবাসীক দিলে গছতলৰ বিহুৰ মাদকতা

ABOUT THE AUTHOR

...view details