অসম

assam

By

Published : Mar 21, 2020, 8:26 PM IST

ETV Bharat / state

কৰ'ণা ভাইৰাছৰ গইনা লৈ হাফলংত শাক পাচলিৰ দাম বৃদ্ধি

কৰ'ণা ভাইৰাছ প্ৰতিৰোধ তথা সজাগতাৰ বাবে শনিবাৰে ডিমা হাছাৱৰ বিভিন্ন অঞ্চলৰ বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে ৷ কিন্তু বন্ধৰ নিৰ্দেশ দিয়াৰ পিছতো বহু অসাধু ব্যৱসায়ীয়ে বজাৰ সমূহ খোলাৰ উপৰিও শাক-পাচলিৰ মূল্য বৃদ্ধি কৰি ৰাইজক বিপাঙত পেলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

হাফলং
কৰ'ণা ভাইৰাছৰ গইনা লৈ হাফলংত শাক পাচলিৰ দাম বৃদ্ধি

ডিমা হাছাও, 21 মাৰ্চঃ শনিবাৰে কৰ'ণা ভাইৰাছৰ আতংকৰ বাবেই বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল উত্তৰ কাছাৰ স্বায়ত্ব শাষিত পৰিষদ ডিমা হাছাও জিলাৰ বিভিন্ন অঞ্চল ৷ কিন্তু কৰ'ণা ভাইৰাছ প্ৰতিৰোধ তথা সজাগতাৰ বাবেই বজাৰ বন্ধৰ নিৰ্দেশ দিয়াৰ পিছতো বহু অসাধু ব্যৱসায়ীয়ে বজাৰ সমূহ খোলাৰ উপৰিও শাক-পাচলিৰ মূল্য বৃদ্ধি কৰি ৰাইজক বিপাঙত পেলায় । আনহাতে ৰাইজৰ অভিযোগ, সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশ দিয়াৰ পাচতো ডিমা হাছাও জিলাত এনেদৰে অধিক দৰত শাক পাচলিৰ দাম বৃদ্ধি কৰি কেনেদৰে বজাৰ খোলা ৰাখিছে ৷ আৰু তাৰ পাচতো জিলা প্ৰশাসনে কিয় ব্যৱস্থা লোৱা নাই বুলি অভিযোগ তোলো স্থানীয়ই ৷

কৰ'ণা ভাইৰাছৰ গইনা লৈ হাফলংত শাক পাচলিৰ দাম বৃদ্ধি

ইপিনে সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ পাচত ভাৰততো প্ৰতিদিন কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছে । কিন্তু অসমত বৰ্তমানেও নাই কৰ'ণা ভাইৰাছত আক্ৰান্ত কোনো ব্যক্তি । সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে জিলপ্ৰশাসন আৰু স্বাস্থ্য বিভাগে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । মাইক যোগে চহৰৰ পৰা গাওঁ সমূহত সজাগতা চলোৱা হৈছে । ৰে'ল ষ্টেচন সমূহত স্বাস্থ্য বিভাগৰ ফালৰ পৰা চিকিৎসকৰ দল নিয়োগ কৰা হৈছে আৰু ৰে'ল যাত্ৰী সকলৰ সক্ৰিয়ৰ বাবে 12 টা চাৰ্ভিলেন্স টিম গঠন কৰা হৈছে ।

আৰু পঢ়কঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details