অসম

assam

By

Published : Apr 24, 2021, 10:14 PM IST

ETV Bharat / state

ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 54 গৰাকীলৈ বৃদ্ধি

ডিমা হাছাও জিলাত নতুনকৈ 9 গৰাকীকৈ ব্যক্তি আক্ৰান্ত হৈছে ক’ভিড-19 ত । ইয়াকে লৈ জিলাখনত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 54 লৈ বৃদ্ধি ৷

corona patient rises to 54 in dima hasao etv bharat news
ডিমা হাছাওত কৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা 54 গৰাকীলৈ বৃদ্ধি

ডিমা হাছাও, 24 এপ্ৰিল : ৰাজ্যত এতিয়া ক’ভিড সংক্ৰমণৰ ভয়াৱহ পৰিস্থিতি ৷ ইজনৰ পিচত আনজন লোক আক্ৰান্ত হৈছে ক’ভিড-19 ত ৷ ডিমা হাছাও জিলাত নতুনকৈ 9 গৰাকীকৈ ব্যক্তি ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা হৈছে । বৰ্তমানলৈকে ডিমা হাছাও জিলাত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 54 গৰাকীলৈ বৃদ্ধি পাইছে । শনিবাৰে নিউহাফলং ষ্টেচনত 5 গৰাকী ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ।

ইয়াৰ উপৰিও শনিবাৰে জিলাখনৰ আন 4 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণাত । উল্লেখযোগ্য যে, ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত 54 গৰাকী ৰোগীৰ মাজতে 6 গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে । বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা 48 গৰাকী, ইয়াৰ মাজতে 3 গৰাকী ৰোগী হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু 45 গৰাকী ৰোগীক হোম আইচ’লেচনত ৰখা হৈছে ।

লগতে পঢ়ক :কৰ’ণাক লৈ কঠোৰ ডিমা হাছাও জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details