ডিমা হাছাও, 23 অক্টোবৰ:জাতিংগা মহোৎসৱকলৈ শেহতীয়াভাৱে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ জাতিংগালৈ অহা পৰিভ্ৰমী পক্ষীৰ ৰক্ষাৰ বাবে 144 ধাৰা বলৱৎ থকাৰ সময়তে ডিমা হাছাও জিলা প্ৰশাসনে মহোৎসৱ পতাৰ নিৰ্দেশ দিয়াক লৈ মতানৈক্যৰ সৃষ্টি হৈছে ৷ বুধবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে ৷
জাতিংগা মহোৎসৱক লৈ তীব্ৰ বিতৰ্ক - jatinga festival latest news
পৰিভ্ৰমী চৰাইৰ প্ৰতি ভাবুকি আনিছে মহোৎসৱে ৷ কংগ্ৰেছ নেতা ডেনিয়েল লাংথাচাৰ এজাহাৰ দাখিল ৷
তেওঁ সংবাদমেলখনত জনায় যে,30 ছেপ্টেম্বৰত জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই এক নিৰ্দেশত জাতিংগা আৰু দিহিঙত চৰাই অহাৰ কাৰণে 144 ধৰা বলবৎ কৰিছিল। নিৰ্দেশত উল্লেখ কৰা হৈছিল আগষ্ট মাহৰ পৰা ডিচেম্বৰলৈ দেশ বিদেশৰ পৰা পৰিভ্ৰমী চৰাই জাতিংগালৈ আহে ৷ এই বাবে জাতিংগাত উচ্চ ক্ষমতা সম্পন্ন হেল'জেন লাইটৰ ব্যৱহাৰ,চৰাই চিকাৰ,আৰু অস্ত্ৰসহিতে প্ৰৱেশ কৰা নিষিদ্ধ কৰা হয় ৷ এয়া অমান্য কৰিলে বন্যপ্ৰাণী আইনৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰো ব্যৱস্থা কৰা হৈছিল ৷ ইয়াৰ পাচতো জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই কিদৰে মহোৎসৱ পতাৰ নিৰ্দেশ দিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদে চৰাইৰ সুৰক্ষাক থিম হিচাপে এই মহোৎসৱ পাতিছে ৷ কিন্তু,মহোৎসৱলৈ অহা অতিথিসকলে চৰাই ধৰি ফটো উঠি আনন্দত মতলীয়া হৈ ছ'চিয়েল মিডিয়া ভৰ্তি কৰি তুলিছে ৷ এনেকুৱা পৰিস্থিতি হৈ থাকিলে জাতিংগালৈ চৰাই অহা বন্ধ হৈ যাব বুলি আশংকা প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
ইতিমধ্যে, ডেনিয়েল লাংথাচাই হাফলং আৰক্ষী থানাত আয়োজকসকলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাৰ লগতে চৰাইৰ নিৰাপত্তাৰ কাৰণে জাতিংগাত নিশাৰ অনুষ্ঠান বন্ধ কৰাৰ দাবী জনাই জিলা উপায়ুক্তক পত্ৰ প্ৰদান কৰে বুলি বুধবাৰৰ সংবাদ মেলখনত সদৰী কৰা হয় ৷