অসম

assam

ETV Bharat / state

Jatinga Festival Controversy: চৰকাৰী নিৰ্দেশনা উলংঘা কৰি জাতিংগা মহোৎসৱৰ আয়োজন ! - Jatinga Festival in Dima Hasao

ডিমা হাছাওৰ জাতিংগাত আজিৰে পৰা আৰম্ভ হৈছে জাতিংগা মহোৎসৱ ৷ কিন্তু মহোৎসৱখন আৰম্ভ হোৱাৰ পূৰ্বেই সোমাই পৰিছে বিতৰ্কৰ মাজত ৷ চৰকাৰী নিৰ্দেশনা উলংঘা কৰি জাতিংগা মহোৎসৱখন আয়োজন কৰাৰ অভিযোগ তুলিছে ডিমা হাচাও জিলা কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে !

Controversy over Jatinga Festival
চৰকাৰী নিৰ্দেশনা উলংঘা কৰি জাতিংগা মহোৎসৱৰ আয়োজন !

By

Published : Oct 14, 2022, 8:24 PM IST

ডিমা হাছাও 14 অক্টোবৰ:ডিমা হাছাওত আজিৰে পৰা দুদিনীয়াকৈ চতুৰ্থ সংখ্যক জাতিংগা মহোৎসৱ আৰম্ভ হৈছে(Jatinga Festival Start in Dima Hasao) । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত জাতিংগাত 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আৰম্ভ হৈছে জাতিংগা মহোৎসৱ । আজি সন্ধিয়া 5 বজাত জাতিংগা মহোৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাছাই ৷ কিন্তু জাতিংগা মহোৎসৱ আৰম্ভ হোৱাৰ পূৰ্বেই ইয়াৰ আয়োজনক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ(Controversy over Preparations for Jatinga Festival) ।

চৰকাৰী নিৰ্দেশনা উলংঘা কৰি জাতিংগা মহোৎসৱৰ আয়োজন !

চৰকাৰী নিয়ম উলংঘা কৰি জাতিংগা মহোৎসৱ আয়োজনৰ অভিযোগ উত্থাপন কৰিছে ডিমা হাছাও জিলা কংগ্ৰেছ আৰু ডিমা হাছাও জিলা তৃণমূল যুৱ কংগ্ৰেছে(Jatinga Festival in Dima Hasao) । এই মৰ্মে ডিমা হাছাও জিলা তৃণমূল যুৱ কংগ্ৰেছৰ পৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদক । ডিমা হাছাও জিলা তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি ৰিংছোডাও লাংথাচাই সাংবাদিকৰ আগতে কয়, আমি জাতিংগা মহোৎসৱৰ বিৰোধিতা কৰা নাই ৷ কিন্তু জাতিংগাত এই মহোৎসৱ আয়োজনক লৈ আমি বিৰোধিতা কৰিছো ৷

চৰকাৰী নিৰ্দেশনা উলংঘা কৰি জাতিংগা মহোৎসৱৰ আয়োজন !

তেওঁ লগতে কয় যে, 17 আগষ্টত পৰিভ্ৰমী পক্ষীৰ সুৰক্ষাৰ বাবে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদ আৰু বন বিভাগে জাতিংগাত চিআৰপিচিৰ অধীনত 144 জাৰি কৰিছিল । 144 ধাৰাৰ অধীনত চাৰিগৰাকীতকৈ বেছি লোক জাতিংগাত জমা হ’ব নোৱাৰিব ৷ তদুপৰি ডাঙৰ ডাঙৰ হেল'জিন আৰু হাই পাৱাৰৰ লাইট ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিচতো কিদৰে জাতিংগাত জাতিংগা মহোৎসৱ আয়োজনৰ বাবে অনুমতি দিলে জিলা প্ৰশাসনে বুলি প্ৰশ্ন উত্থাপন কৰে ডিমা হাছাও জিলা তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

পৰিভ্ৰমী পক্ষীৰ সুৰক্ষাৰ কথা ভাবি জাতিংগাৰ পৰা আঁতৰাই হাফলঙত জাতিংগা মহোৎসৱ আয়োজনৰ দাবী জনায় ৰিংছোডাও লাংথাচাই । ইপিনে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰে জাতিংগা মহোৎসৱক লৈ জিলা প্ৰশাসন আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তীব্ৰ সমালোচনা কৰে ৷ জিলা প্ৰশাসনে জাতিংগাত পৰিভ্ৰমী পক্ষীৰ সুৰক্ষাৰ বাবে 144 জাৰি কৰাৰ পিচতো কেনেকৈ জাতিংগাত জাতিংগা মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে সমৰজিৎ হাফলংবাৰে ।

লগতে পঢ়ক:মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱত তেজপুৰৰ তৃষাণু-হিমাংশু

ABOUT THE AUTHOR

...view details