অসম

assam

ETV Bharat / state

কংগ্ৰেছত অব্যাহত পদত্যাগৰ জোৱাৰ - বিজেপি

ডিমা হাছাও জিলাত কংগ্ৰেছ দলত অব্যাহত খহনীয়া ৷ শনিবাৰে কংগ্ৰেছ ত্যাগ কৰি 13 গৰাকী কৰ্মীয়ে যোগদান কৰে বিজেপিত ৷ জিলাখনৰ বিশিষ্ট সমাজকৰ্মী জচৰিংদাও ফংলোৰ বিজেপিত যোগদান ।

Congress worker resignation from party in dima hasao assam etv bharat news
কংগ্ৰেছত পদত্যাগ

By

Published : Oct 10, 2020, 7:33 PM IST

ডিমা হাছাও,10 অক্টোবৰ: ডিমা হাছাওৰ কংগ্ৰেছ দলত অব্যাহত আছে ব্যাপক খহনীয়া ৷ ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বহুকেইগৰাকী সদস্য তথা কাৰ্যকৰ্তাই দলত্যাগ কৰি যোগদান কৰে বিজেপিত ৷ শনিবাৰে হাফলঙৰ বাজপেয়ী ভৱনত ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ইএম পাৱদামিঙ ৰিয়ামে নিপোলাল হোজাইৰ উপস্থিতিত লাইচং নিৰ্বাচন সমষ্টিৰ অন্তৰ্গত তুলপুই গাঁৱৰ 13 গৰাকী কংগ্ৰেছ কৰ্মীয়ে দলত্যাগ কৰি বিজেপিত যোগদান কৰে ৷ প্ৰাক্তন কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ আদৰ্শত আকৃষ্ট হৈ দলটোত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details