অসম

assam

ডিমা হাছাওত বিজেপি দলে গণতন্ত্ৰক ধংস কৰিব বিচাৰিছেঃ কংগ্ৰেছৰ

By

Published : Jul 24, 2020, 9:18 PM IST

ডিমা হাছাও জিলাত বিজেপি দলে গণতন্ত্ৰক ধ্বংস কৰিব বিচাৰিছে ৷ এই মন্তব্য কংগ্ৰেছ দলৰ ৷ শুকুৰবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পাৰ্বত্য পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচায় কয় যে,বিজেপি দলে ডিমা হাছাও জিলাত গণতন্ত্ৰক ধ্বংস কৰিব বিচাৰিছে ।

CONGRESS RECATION ON BJP GOVERMENT
ডিমা হাছাওত বিজেপি দলে গণতন্ত্ৰক ধংস কৰিব বিচাৰিছেঃ কংগ্ৰেছৰ

ডিমা হাছাও 24 জুলাই : ডিমা হাছাও জিলাত বিজেপি দলে গণতন্ত্ৰক ধ্বংস কৰিব বিচাৰিছে ৷ এই মন্তব্য কংগ্ৰেছ দলৰ ৷ শুকুৰবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পাৰ্বত্য পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচায় কয় যে,বিজেপি দলে ডিমা হাছাও জিলাত গণতন্ত্ৰক ধ্বংস কৰিব বিচাৰিছে ।

ডিমা হাছাওত বিজেপি দলে গণতন্ত্ৰক ধংস কৰিব বিচাৰিছেঃ কংগ্ৰেছৰ

উক্ত সংবাদমেলত ডেনিয়েল লাংথাচায় পুনৰ কয় যে,27 জুলাইত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু পাৰ্বত্য পৰিষদত শাসনত থকা বিজেপি দলে অধিবেশনখন স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে বুলি অভিযোগ উত্থাপন কৰে । লগতে,তেওঁ পুনৰ কয় যে,ক'ভিড-19 ৰ বাবে এই অধিবেশনখন স্থগিত ৰখাৰ যি সিদ্ধান্ত সেয়া ঠিক হোৱা নাই ।

ডিমা হাছাওত বিজেপি দলে গণতন্ত্ৰক ধংস কৰিব বিচাৰিছেঃ কংগ্ৰেছৰ

আনহাতে,সংবাদমেলত ডেনিয়েল লাংথচায় কয় যে,22 জুলাইত পৰিষদ সচিবালয়ৰ পৰা বিজ্ঞপ্তি জাৰি কৰি 27 জুলাইত কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অধিবেশনখন স্থগিত ৰখা হৈছে । আনকি,পাৰ্বত্য পৰিষদৰ শাসনত থকা বিজেপি চৰকাৰখনে বৃহস্পতিবাৰে CEM ৰ সভাকক্ষত চৰকাৰী বিষয়া সকলোক লৈ সভা অনুষ্ঠিত কৰাৰ অভিযোগ প্ৰদান কৰিছে ৷ সেই সময়ত ক'ভিড সংক্ৰমণৰ দিশটোত কিয় গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল বুলিও চৰকাৰক সমালোচনা কৰে বিৰোধী দল কংগ্ৰেছে ৷

এই অধিবেশনখনত পৰিষদে বিভিন্ন ধৰণৰ উন্নয়নমূলক কামকাজৰ বিষয়ে আলোচনা কৰা হয় বুলি উল্লেখ কৰিলে ৷ তেনেক্ষেত্ৰত অধিবেশনখন অনুষ্ঠিত কৰাটো প্ৰয়োজনীয় আছিল বুলি তেওঁলোকে উল্লেখ কৰে ৷ অন্যহাতে,27 জুলাইত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধিবেশনখন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰাৰ বাবে পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথচা আৰু জয়ছিং দুৰঙে দাবী জনাইছে ।

লগতে পঢ়ক : এটিএম কাৰ্ডৰ সাল সলনিৰে গ্ৰাহকৰ ধন লুটৰ প্ৰৱঞ্চনাত এইবাৰ মহিলা

ABOUT THE AUTHOR

...view details