ডিমা হাছাও, 11 আগষ্ট :উমৰাংচো পাণিমুৰ জলপ্ৰপাতত অবৈধ শিল খননক লৈ বিৰোধিতা কংগ্ৰেছ দলৰ । সোমবাৰে হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল পাতি ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাংথাচায় কয়, পাণিমুৰ ডিমাচা জনগোষ্ঠীৰ এটা ধৰ্মীয় স্থান আৰু এতিয়া এই স্থানতেই আৰম্ভ হৈছে অবৈধ শিল খননৰ কাম ।
তেওঁ লগতে কয়, যোৱা 6 আগষ্টত তেওঁ আৰু কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে পাণিমুৰ পৰিদৰ্শন কৰি এই অবৈধ শিল খননৰ বিষয়টো প্রত্যক্ষ কৰে । পাণিমুৰ কলানলা প্ৰসাৰ কৰাৰ বাবে বন বিভাগে অনুমতি দিছে যাৰ বাবে পাণিমুৰ এলেকাত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে ।
পাণিমুৰ জলপ্ৰপাতত অবৈধ খননলৈ কংগ্ৰেছ দলৰ বিৰোধিতা আনহাতে সংবাদমেলত জিলা কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় কেন্দ্ৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে যি পৰিৱেশগত প্ৰভাৱ মূল্যায়ন 2020 খচৰা (Environmental Impact Assessment) প্ৰস্তুত কৰিছে সেয়া কংগ্ৰেছ দলে তীব্ৰ বিৰোধিতা কৰিছে ৷ এই খচৰা খনৰ ৰূপায়ন হ’লে কৰ্পোৰেট হাউছ ব্যৱসায়ী সকলে পৰিৱেশ সুৰক্ষা অবিহনে শিল্প উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হ’ব আৰু ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ পৰিব পৰিৱেশৰ ওপৰত ৷ এই ক্ষেত্ৰত ষষ্ঠ তপশিলিৰ অন্তৰ্গত উপজাতি জনগোষ্ঠীৰ মানুহে নিজৰ ভূমিৰ অধিকাৰ হেৰুৱাব যাৰ বাবে কংগ্ৰেছ দলে অনাগত দিনত এই খচৰা ৰূপায়ন কৰাৰ ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰিব বুলি সংবাদ মেলত মন্তব্য আগবঢ়ায় নিৰ্মল লাংথাচায়ই ।
লগতে চাওক-শিলাদিত্য দেৱ এজন পাগলৰ লগতে ছাগলী : প্ৰতিবাদকাৰী