ডিমা হাছাও 9 আগষ্টঃ 2021 চনত ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলাত প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ মাজতে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান আৰম্ভ কৰিছে কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে। ডিমা হাছাও জিলা কংগ্ৰেছৰ উপ-সভাপতি হামজানন লাংথাচা কংগ্ৰেছ দল ত্যাগ কৰি বুধবাৰে বিজেপি দলত যোগদান কৰে ৷
বুধবাৰে হাফলং অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ (সাংগঠনিক) সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জয়ন্ত ডেকা,ডিমা হাছাও জিলা বিজেপিৰ সভাপতি দনপাইনন থাওচেন,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা , স্বায়ত্ব শাসিত পৰিসদৰ অধ্যক্ষা ৰানু লাংথচা আৰু বিজেপিৰ দলীয় নেতা কৰ্মীৰ উপস্থিতিত কংগ্ৰেছৰ উপ-সভাপতি হামজানন লাংথচা,কংগ্ৰেছ নেতা প্ৰৱেশ কেম্প্ৰাই দুৰবিন থাওচেন লাংটিং মণ্ডল কংগ্ৰেছৰ সভাপতি জগন জহৰি আৰু জিলাৰ লাংটিং হাতীখালি হাফলঙৰ পৰা মুঠ 84 গৰাকী কংগ্ৰেছ নেতা কর্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।