অসম

assam

ETV Bharat / state

Joining in Trinamool Congress: ডিমা হাছাওত সদ্য পদত্যাগী কংগ্ৰেছী নেতাৰ তৃণমূলত যোগদান - Joining in Trinamool Congress

কংগ্ৰেছ নেতা জুৱেল চেংয়ুঙৰ তৃণমূল কংগ্ৰেছত যোগদান (Congress leader joining Trinamool Congress in Assam)। গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ উপস্থিতিত দলটোত যোগদান কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ ।

Trinamool
Trinamool Congress:প্ৰাক্তন কংগ্ৰেছ নেতাৰ তৃণমূল কংগ্ৰেছত যোগদান

By

Published : Jul 6, 2022, 9:40 PM IST

ডিমা হাছাও, ৬ জুলাই: অধিবক্তা তথা ডিমা হাছাও জিলা কংগ্ৰেছৰ আইনী কোষৰ অধ্যক্ষ জুৱেল চেংয়ুঙৰ তৃণমূল কংগ্ৰেছত যোগদান (Congress leader joining Trinamool Congress in Assam)। তেওঁ যোৱা ৯ মে'ত ডিমা হাছাও জিলা কংগ্ৰেছৰ আইনী কোষৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰি দল ত্যাগ কৰিছিল । প্ৰায় দুমাহ পিছতে বুধবাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰে এইগৰাকী প্ৰাক্তন কংগ্ৰেছ নেতাই। বুধবাৰে তেওঁ গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ উপস্থিতিত দলটোত যোগদান কৰে বুলি জানিব পৰা গৈছে ।

ইপিনে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য তথা কংগ্ৰেছৰ উপ-সভাপতি লোকমণি লাংথাচাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে । সম্প্ৰতি কংগ্ৰেছৰ ভিতৰত হোৱা সংঘাট আৰু গুৱাহাটী পৌৰসভা নিৰ্বাচন আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে কংগ্ৰেছ দলৰ পৰা পদত্য়াগ কৰাৰ সংখ্য়া বৃদ্ধি পাবলৈ ধৰিছে ।

লগতে পঢ়ক:বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন

ABOUT THE AUTHOR

...view details