কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান হাফলং, 16 ছেপ্টেম্বৰ : সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৷ ডিচেম্বৰ অথবা 2024 চনৰ জানুৱাৰী মাহত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ জানুৱাৰী মাহত দেব’লাল গাৰ্লোচাৰ নেতৃত্বাধীন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চলি থকা বিজেপিৰ কাৰ্যনিৰ্বাহ কমিটিৰ সময়সীমা উকলিব ৷
2024 চনত দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ডিচেম্বৰ বা জানুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আৰু এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলাত কংগ্ৰেছ, বিজেপি, তৃণমূল কংগ্ৰেছকে ধৰি সকলো ৰাজনৈতিক দলে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইফালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি প্ৰতি লক্ষ্য ৰাখি এতিয়া বিভিন্ন ৰাজনৈতিক দলে যোগদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷
শনিবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা ল’ৱাৰ খাৰতং সমষ্টিৰ কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন সদস্য লালথাংজোৱাল যৌতেসহ মুঠ 8 গৰাকী কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ লালথাংজোয়াল যৌতে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰি সংবাদমাধ্যমৰ আগতে কয় যে, তৃণমূল কংগ্ৰেছ ইণ্ডিয়া এলায়েন্সৰ লগতে আছে, যাৰ বাবে তেওঁ তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে ৷ তৃণমূল কংগ্ৰেছ দলে ল’ৱাৰ খাৰতং সমষ্টিৰ বাবে উন্নয়নমূলক কাম কৰিব পাৰিব বুলি তেওঁ দাবী কৰে ৷
শনিবাৰে 8 গৰাকী কংগ্ৰেছৰ নেতা আৰু কৰ্মী তৃণমূল কংগ্ৰেছত যোগদান কৰে যদিও আগন্তুক দিনত ল’ৱাৰ খাৰতং সমষ্টিত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি বহু নেতা-কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি জানিবলৈ দিয়ে বিষয়ববীয়াসকলে ৷ ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমি আৰু সাধাৰণ সম্পাদক (প্ৰশাসনিক) ছেতমিনথাং খংচাইয়ে কংগ্ৰেছ দল ত্যাগ কৰি অহা 8 গৰাকী কংগ্ৰেছ নেতাক তৃণমূল কংগ্ৰেছ দললৈ আদৰণি জনায় ৷
লগতে পঢ়ক :