অসম

assam

Joining Meeting of Congress : হাফলংত কংগ্ৰেছৰ যোগদান সভা; 20 গৰাকীকৈ লোকৰ যোগদান

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ দিহাংগী সমষ্টিৰ পৰা বৃহস্পতিবাৰে 20 গৰাকী পুৰুষ আৰু মহিলাই কংগ্ৰেছ দলত যোগদান কৰে ৷ তেওঁলোকক কংগ্ৰেছ দললৈ আদৰণি জনায় ডিমা হাছাও জিলা কংগ্ৰেছৰ নেতা-কৰ্মী সকলে ৷

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:06 PM IST

Published : Aug 31, 2023, 7:06 PM IST

ETV Bharat / state

Joining Meeting of Congress : হাফলংত কংগ্ৰেছৰ যোগদান সভা; 20 গৰাকীকৈ লোকৰ যোগদান

Congress Joining Meeting in Haflong
কংগ্ৰেছৰ যোগদান সভা

হাফলংত কংগ্ৰেছত যোগদান 20 গৰাকীকৈ লোকৰ

হাফলং, 31 আগষ্ট : সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ চলিত বৰ্ষৰ ডিচেম্বৰ অথবা 2024 চনৰ জানুৱাৰী মাহত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলাত কংগ্ৰেছ, বিজেপি, তৃণমূল কংগ্ৰেছ দলকে ধৰি বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা ৷

সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলেও জিলাখনত দলীয় ভেটি শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ দিহাংগী সমষ্টিৰ পৰা বৃহস্পতিবাৰে 20 গৰাকী পুৰুষ আৰু মহিলাই কংগ্ৰেছ দলত যোগদান কৰে ৷ হাফলং ৰাজীৱ ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কালীজয় চেংয়ুং, উপ-সভাপতি মায়ানন কেম্প্ৰাই লালথাংচাংগা মাৰ আৰু কংগ্ৰেছৰ নেতা-কৰ্মীৰ উপস্থিতিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ দিহাংগী সমষ্টিৰ পৰা 20 গৰাকী পুৰুষ-মহিলাই আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷

তেওঁলোকক কংগ্ৰেছ দললৈ আদৰণি জনায় ডিমা হাছাও জিলা কংগ্ৰেছৰ নেতা-কৰ্মী সকলে ৷ বিজেপি দলৰ কাম-কাজক লৈ অসন্তোষ প্ৰকাশ কৰি দিহাংগী সমষ্টিৰ পৰা এই 20 গৰাকী পুৰুষ-মহিলাই কংগ্ৰেছ দলত যোগদান কৰে বুলি জানিবলৈ দিয়ে কংগ্ৰেছৰ নেতা-কৰ্মী সকলে ৷ ইফালে ডিমা হাছাও জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কালীজয় চেংয়ুংয়ে কয় যে, উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ দিহাংগী সমষ্টিৰ পৰা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা দুবাৰকৈ জয় লাভ কৰিছে ৷ কিন্তু তেওঁৰ কাম-কাজ আৰু বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বাবে বিজেপি দলৰ প্ৰতি অসন্তোষ প্ৰকাশ কৰি দিহাংগী সমষ্টিৰ আমৰুদিছা গাঁৱৰ পৰা বৃহস্পতিবাৰে 20 গৰাকী পুৰুষ-মহিলাই কংগ্ৰেছ দলত যোগদান কৰে ৷

কিছুদিনৰ পাছতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ দিহাংগী সমষ্টিৰ বিভিন্ন গাঁৱৰ পৰা ব্যাপক হাৰত লোক কংগ্ৰেছ দলত যোগদান কৰিব বুলি ইতিমধ্যে তেওঁলোকে কংগ্ৰেছ দলক অৱগত কৰিছে বুলি জানিবলৈ দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কালীজয় চেংয়ুংয়ে ৷

লগতে পঢ়ক :Pijush Hazarika Controversy : পীযুষ হাজৰীকাৰ ৰোল মডেল দুঃশাসন, পুনৰ ভূপেন-পীযুষৰ বাকযুদ্ধ

ABOUT THE AUTHOR

...view details