ডিমা হাছাও, ১০ মাৰ্চ: অগপ, বিজেপি মিত্ৰজোঁটৰ মাজত জ্বলিছে ক্ষোভ আৰু অসন্তুষ্টিৰ জুই । বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত আভ্যন্তৰীণ সংঘাতত জুৰুলা হৈ পৰিছে মিত্ৰজোঁট । প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতৰ ফলত এতিয়া মিত্ৰজোঁটত ফাট মেলা পৰিলক্ষিত হৈছে । মিত্ৰজোঁটৰ পৰা ঢাপলি মেলিছে শতিকা প্ৰাচীন দল কংগ্ৰেছত । শেহতীয়াকৈ ডিমা হাছাও জিলাত কংগ্ৰেছ দলত যোগদান প্ৰক্ৰিয়া অব্যাহত আছে । বিজেপি আৰু অগপ দলত্যাগীসকলে কংগ্ৰেছ দলত যোগদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।
মঙলবাৰে হাফলং ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বিজেপি আৰু অগপ দল ত্যাগ কৰি ৫২ গৰাকী নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে । ইপিনে কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ডেনিয়েল লাংথাচাই কংগ্ৰেছ দল ত্যাগ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেয়া পৰৱৰ্তী সময়ত সিদ্ধান্ত সলনি কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।