ডিমা হাছাও, 29 ফেব্ৰুয়াৰী: 2021 চনত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে কাৰ্বি-আংলং আৰু ডিমা হাচাওৰ পৃথক ৰাজ্য গঠনৰ দাবীক অধিক গুৰুত্ব প্ৰদান কৰা হ'ব বুলি শুকুৰবাৰে এখন সংবাদমেলৰ জৰিয়তে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । কংগ্ৰেছে শাসনভাৰ পালে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ডিমা হাছাও কাৰ্বি-আংলং আৰু পশ্চিম কাৰ্বি-আংলঙলৈ সংবিধানৰ 244(এ) অধীনত ৰাজ্যৰ ভিতৰত পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীৰ সফল ৰূপায়ন কৰাৰ চেষ্টা চলাব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে ।
মাইবাঙত জনজাগৰণ যাত্ৰাত অংশলৈ শুকুৰবাৰে হাফলং চাৰ্কিট হাউচত এখন সাংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, ডিমা হাছাও, কাৰ্বি-আংলং আৰু পশ্চিম কাৰ্বি-আংলঙৰ ৰাইজে দীৰ্ঘদিনৰ পৰা পৃথক ৰাজ্যৰ দাবী জনায় আহিছে যদিও কেন্দ্ৰই এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই ৷ সেয়ে 2021 চনত কংগ্ৰেছ শাসনলৈ আহিলে পৃথক ৰাজ্য গঠনৰ দাবীক অধিক গুৰুত্ব দিয়া হব।