ডিমা হাছাও, ৩১ আগষ্ট :ডিমা হাছাও জিলাত 2007 চনত অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাকাণ্ডই নতুন মোৰ লৈছে (Constable Habibur Rahman murder in Dima Hasao) । উক্ত হত্যাকাণ্ডৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী বিকাশ থাওচেনে আদালতত সাক্ষ্য প্ৰদানৰ বাবে সাজু হৈছে । উল্লেখ্য, সোমবাৰে ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত বিস্ফোৰক তথ্য দাঙি ধৰিছিল এই হত্যাকাণ্ডৰ গোচৰৰ একমাত্ৰ সাক্ষী গাড়ীচালক বিকাশ থাওচেনে (sole witness in murder case) ।
ইয়াৰ পিচতে ডিমা হাছাও জিলাৰ ৰাজনীতি উত্তাল হৈ পৰিছে । ডিমা হাছাও জিলা কংগ্ৰেছে (Dima Hasao District Congress) অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাকাণ্ডত (Assam Police constable murder case) অভিযুক্ত তৎকালীন উগ্ৰপন্থী নেতা তথা বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাক (North Cachar Hill Autonomous Council CEM) এই পদৰ পৰা অপসাৰণৰ দাবী জনাইছে (Congress Demanded removal of CEM Devlal Garlosa) ।
সোমবাৰে গুৱাহাটীত ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমক অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানৰ হত্যাকাণ্ডত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা জড়িত আছিল বুলি বিস্ফোৰক তথ্য দাঙি ধৰিছিল । উল্লেখ্য, 2007 চনত হোৱা এই হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী তথা একমাত্ৰ সাক্ষী হৈছে গাড়ীচালক বিকাশ থাওচেন । বিকাশ থাওচেনে সোমবাৰে সংবাদ মাধ্যমৰ আগতে জনায় যে হাবিবুৰ ৰহমান হত্যাকাণ্ডত আদালতত সাক্ষ্য নিদিয়াৰ বাবে তেওঁৰ পৰিয়াল আৰু তেওঁক অপহৰণ কৰি তেওঁক হত্যা কৰাৰ ভাবুকি দিছিল দেৱলাল গাৰ্লোছাই (CEM Devlal Garlosa) ।
যাৰ বাবে তেওঁ এই হত্যাকাণ্ডৰ সাক্ষী দিয়াৰ পৰা বিৰত আছিল । বৰ্তমানে ৰাজ্য চৰকাৰে বিকাশ থাওচেনৰ পৰিয়াল আৰু তেওঁক পিএছঅ' প্ৰদান কৰিছে যাৰ বাবে এই হত্যাকাণ্ডৰ গোচৰত তেওঁ এতিয়া আদালতত সাক্ষ্য দিয়াৰ বাবে সাজু হৈছে । ইতিমধ্যে অসম আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰিছে । সোমবাৰে বিকাশ থাওচেনে সংবাদ মাধ্যমৰ আগত কয় যে 2007 চনত প্ৰয়াত প্ৰফুল্ল ফংলোৱে তেওঁৰ গাড়ী ভাড়াত লৈছিল লংকালৈ যোৱাৰ বাবে । সেই সময়ত তৎকালীন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য ভদ্ৰমণি লাংথাচাৰ পিএছঅ' হাবিবুৰ ৰহমানক লগত লয় ।
উক্তদিনা দিয়ুংমুখলৈ যোৱাৰ পিচতে তেওঁক কোৱা হৈছিল এখন জংঘলৰ পথেৰে যোৱাৰ বাবে । এই জংঘলৰ পথেৰে কিছু দূৰ যোৱাৰ পিচতে তিনি-চাৰিজনীয়া উগ্ৰপন্থী সদস্য তাত উপস্থিত আছিল । আনহাতে, তেতিয়াৰ ডিএইচডি জুৱেল গোটৰ উপ-মুখ্য সেনাধ্যক্ষ তথা বৰ্তমানৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যও তাত উপস্থিত আছিল আৰু তেতিয়া প্ৰয়াত প্ৰফুল্ল ফংলো গাড়ীৰ পৰা নামি তেওঁলোকৰ লগত কথা পাতি এটা জোতাৰ বাকচত 1000 টকীয়াৰ বৃহৎ পৰিমাণৰ ধন তেওঁলোকক দিছিল ।