অসম

assam

ETV Bharat / state

ASTC service in Dima Hasao: অচল ডিমা হাছাও জিলাৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা

স্তব্ধ হৈ পৰিছে ডিমা হাছাও জিলাৰ চৰকাৰী বাছ সেৱা (Poor condition of Govt bus service in Haflong)। বাছৰ অভাৱত যাত্ৰীৰ হাহাকাৰ অৱস্থা । অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ অৱস্থাও শোচনীয় । নাই যাত্ৰীৰ বাবে পৰ্যাপ্ত সুবিধা ।

ASTC
ডিমা হাছাও জিলাৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা

By

Published : Dec 1, 2022, 1:04 PM IST

ডিমা হাছাও,১ ডিচেম্বৰ : ৰাজ্যৰ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে । চৰকাৰী বাছসেৱাক সুচল কৰাৰ স্বাৰ্থত পৰিবহণ বিভাগে নতুন নতুন আঁচনি ৰূপায়ণ কৰিছে । কিন্তু সেই আঁচনিবোৰ সঠিকৰূপত ৰূপায়ণ হৈছে নে ? সেয়া ৰাজ্যবাসীৰ বাবে এক ডাঙৰ প্ৰশ্ন । কিয়নো এতিয়াও বহু স্থানত নাই এখনো অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ ।

জৰাজীৰ্ণ হৈ পৰিছে চৰকাৰী বাছসমূহ । যাৰ বাবে বহু স্থানত অচল অসম ৰাজ্যিক পৰিবহণ নিগমৰ সেৱা । তাৰ ভিতৰত অন্যতম ডিমা হাছাও জিলা । ডিমা হাছাও জিলাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱাক লৈ ৰাইজৰ মাজত প্ৰচণ্ড ক্ষোভ দেখা গৈছে (Public dissatisfied with ASTC bus service)।

হাফলং-গুৱাহাটী-হাফলং আৰু হাফলং-ডিফু-হাফলঙৰ মাজত প্ৰতিদিনে চলাচল কৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা অনিয়মীয়া হৈ পৰাত ৰাইজ অতিষ্ঠ হৈ পৰিছে । যাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকলৈ লিখিত অভিযোগ প্ৰেৰণ কৰিছে একাংশ স্থানীয় লোকে । ৰাইজৰ অভিযোগ মতে হাফলং-গুৱাহাটী-হাফলং আৰু হাফলং-ডিফু-হাফলঙৰ মাজত প্ৰতিদিনে অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুখনকৈ বাছ চলাচল কৰি আহিছিল; কিন্তু যোৱা কিছুদিনৰ পৰা এই বাছ সেৱা অনিয়মীয়া হৈ পৰিছে (ASTC bus service in Dima Hasao)।

ডিমা হাছাও জিলাৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা

যাৰ বাবে সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকল সমস্যাৰ সন্মুখীন হৈছে । অভিযোগ অনুসৰি হাফলঙৰ পৰা দুখন বাছ অসম ৰাজ্যিক পৰিবহণ নিগমে ৰিজাৰ্ভত ভাড়া দিয়ে । বাছসমূহ অধিগ্ৰহণ কৰাৰ ফলত হাফলং-গুৱাহাটী-হাফলং আৰু হাফলং-ডিফু-হাফলঙৰ মাজত বাছ সেৱা অনিয়মীয়া হৈ পৰিছে ।

ইফালে যোৱা দুই দশকৰ বেছি সময় ধৰি হাফলঙত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ অৱস্থাও শোচনীয় হৈ পৰিছে (Pathetic condition of ASTC office in Haflong)। হাফলঙৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ত মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ৫ গৰাকী । কিন্তু বৰ্তমান ২ গৰাকী কৰ্মচাৰীয়ে কাৰ্যালয় চলাই আছে । ইয়াৰ উপৰিও হাফলঙত থকা এই কাৰ্যালয়ত যাত্ৰীসকলৰ বাবে নাই কোন পৰ্যাপ্ত সা-সুবিধা ।

যাত্ৰীৰ অপেক্ষাৰ বাবে নাই সুব্যৱস্থা । যাত্ৰী সকলৰ বাবে নাই প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰো ব্যৱস্থা নাই বুলি অভিযোগ কৰিছে যাত্ৰীসকলে । কাৰ্যালয়টোৰ কৰ্মচাৰী অৰবিন কেম্প্ৰাইয়ে জানিবলৈ দিয়া মতে তেওঁলোকৰ হাতত পৰ্যাপ্ত বাছ নাই । এখন বাছ বিকল হৈ পৰি আছে আৰু ৰাজ্য চৰকাৰৰ হাতত পৰ্যাপ্ত বাছ নথকাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে । তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান হাফলং-গুৱাহাটী আৰু হাফলং-ডিফুৰ মাজত বাছ সেৱা চলি আছে ।

লগতে পঢ়ক:Water level of Brahmaputra : অস্বাভাৱিকভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ABOUT THE AUTHOR

...view details