অসম

assam

ETV Bharat / state

মহিলাক ভাড়াঘৰৰ পৰা উলিওৱাৰ অভিযোগত স্বায়ত্ব শাসিত পৰিষদৰ ইএমৰ বিৰুদ্ধে গোচৰ - গোলঞ্জ থাওচেন

বৃহস্পতিবাৰে ডিমাচা অ’মেন চ’ছাইটিৰ সভানেত্ৰী ৰিংমিলা হোজাইয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ইএম গোলঞ্জ থাওচেনৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ গোলঞ্জ থাওচেনে সুস্মিতা হাগজাৰ নামৰ মহিলা গৰাকীক সকীয়নি প্ৰদানৰ অভিযোগ উত্থাপন কৰে ৰিংমিলা হোজাইয়ে ৷

Complain against North Cachar Autonomous Council's EM
স্বায়ত্ব শাসিত পৰিষদৰ ইএমৰ বিৰুদ্ধে গোচৰ

By

Published : Oct 1, 2020, 9:07 PM IST

ডিমা হাছাও, 1 অক্টোবৰ: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ইএম গোলঞ্জ থাওচেনৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত বৃহস্পতিবাৰে হাফলং আৰক্ষী থানাত গোচৰ ৰুজু ডিমাচা অ’মেন চ’ছাইটিৰ সভানেত্ৰী ৰিংমিলা হোজাইৰ ।

স্বায়ত্ব শাসিত পৰিষদৰ ইএমৰ বিৰুদ্ধে গোচৰ

সভানেত্ৰী ৰিংমিলা হোজাইয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি,ৰিংমিলা হোজাই সুস্মিতা হাগজাৰ নামৰ এগৰাকী মহিলাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল । কিন্তু কিছুদিন পূৰ্বে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ইএম গোলঞ্জ থাওচেন আৰু মৃত্যুঞ্জয় থাওচেন নামৰ এজন লোকে ভাড়াঘৰৰ পৰা ৰিংমিলা হোজাইক উলিয়াই দিবলৈ সুস্মিতা হাগজাৰক সকীয়নি প্ৰদান কৰে ৷ অন্যথা সুস্মিতা হাগজাৰৰ চাকৰীৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে । ইয়াৰ পাচতে পিছতেই ৰিংমিলা হোজাইয়ে নিৰাপত্তাহীনতাত ভুগি আৰক্ষীৰ কাষ চাপে ।

স্বায়ত্ব শাসিত পৰিষদৰ ইএমৰ বিৰুদ্ধে গোচৰ

লগতে ৰিংমিলা হোজাইয়ে কয় যে,বিগত দুবছৰৰ পৰা লাংটিঙত তেওঁৰ সৈতে তিনিগৰাকী মহিলাক সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছে ৷ সমগ্ৰ ঘটনাত গোলঞ্জ থাওচেন জড়িত হৈ আছে আৰু এতিয়া হাফলঙৰ ভাড়া ঘৰৰ পৰা তেওঁক এতিয়া উলিয়াই দিয়াৰ ভাবুকি প্ৰদান কৰিছে লোকজনে ৷

স্বায়ত্ব শাসিত পৰিষদৰ ইএমৰ বিৰুদ্ধে গোচৰ

লগতে পঢ়ক:কাৰ্বি আংলং আৰক্ষীয়ে বিভিন্ন দিশত লাভ কৰা সফলতাসমূহ

ABOUT THE AUTHOR

...view details