অসম

assam

ETV Bharat / state

পাৰ্বত্য পৰিষদৰ নিৰ্বাচন : প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা

NC Hills council election : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ বাবে ডিমা হাছাওত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত পুনৰ এবাৰ পাৰ্বত্য পৰিষদত বিজেপি দলক ক্ষমতাত আনিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

NC Hills council election
ডিমা হাছাওত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 5:34 PM IST

ডিমা হাছাওত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

হাফলং, 3 জানুৱাৰী :উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে আজি ডিমা হাছাও জিলাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আজিৰে পৰা তিনি দিন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বিভিন্ন সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী জনসভাত ভাগ ল’ব মুখ্যমন্ত্ৰীয়ে ৷ আজি গুৱাহাটীৰ পৰা হেলিকপ্টাৰ যোগে পৰিষদৰ দিয়ুংমুখ সমষ্টিৰ জে বি হাগজেৰ বিদ্যালয় খেলপথাৰত উপস্থিত হৈ দিয়ুংমুখ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপালী লাংথাচাৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

পৰিষদৰ দিয়ুংমুখ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী জনসভাত ভাগ লৈ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰত পৰিষদত পুনৰ বিজেপি দলক ক্ষমতালৈ অনাৰ বাবে ৰাইজক অনুৰোধ জনায় ৷ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত পুনৰ এবাৰ পাৰ্বত্য পৰিষদত বিজেপি দলক ক্ষমতাত আনিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয় যে, বিজেপিৰ দিনতেই ডিমা হাছাও জিলাত উগ্ৰপন্থী সমস্যাৰ সমাধান কৰা হৈছে ৷ এতিয়া ডিমা হাছাও জিলাত উগ্ৰপন্থীৰ সমস্যা নাই ৷ সকলো উগ্ৰপন্থী সংগঠন অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূল সুঁতি লৈ ঘূৰি আহিছে বুলি কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷

মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰ বিজেপি দল পৰিষদত পুনৰ ক্ষমতালৈ আহিলে দিয়ুংমুখ সমষ্টিৰ উন্নয়নৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিব ৷ দিয়ুংমুখ সমষ্টিৰ এক হাজাৰ মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব ৷ যি সকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব আৰু দিয়ুংমুখ সমষ্টিত এখন মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে তেওঁ ৷ তদুপৰি দিয়ুংমুখ সমষ্টিৰ যি সমূহ গাঁৱত পথ নিৰ্মাণ হোৱা নাই, এই পথ সমূহ নিৰ্মাণৰ বাবে 25 কোটি টকা দিয়া হ‘ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ইয়াৰ পিচতে মুখ্যমন্ত্ৰীয়ে গৰমপানী সমষ্টিৰ উমৰাংচোত বিজেপি প্ৰাৰ্থী চেমিছিং ইংতিৰ হৈ নিৰ্বাচনী জনসভাত ভাগ লোৱাৰ বিপৰীতে দিহাংগী সমষ্টিত দেবলাল গাৰ্লোচাৰ হৈ নিৰ্বাচনী জনসভাত ভাগ লয় ৷ আজি নিৰ্বাচনী জনসভাত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছিল ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক কৌশিক ৰায়, কাৰ্বি-আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, দেবলাল গাৰ্লোচা আৰু ডিমা হাছাও জিলা বিজেপিৰ সভাপতি গোলঞ্জ থাওচেন ৷

লগতে পঢ়ক :চানডুবি উৎসৱৰ তৃতীয় দিন, থলুৱা সামগ্ৰীৰে ভৰিছে উৎসৱস্থলী

ABOUT THE AUTHOR

...view details